ETV Bharat / bharat

স্বাস্থ্যকৰ্মী সকলক 'বগা দিৱস' আৰু 'ক'লা দিৱস' হিচাপে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান - লক ডাউন

স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি কৰা অৱমাননা সূচক ব্যৱহাৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি ভাৰতীয় চিকিৎসা সংস্থাই বুধবাৰে, 'বগা দিৱস' আৰু বৃহস্পতিবাৰে 'ক'লা দিৱস' হিচাপে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ।

IMA calls for observance of 'White Day', 'Black Day' to protest attack on medicos

author img

By

Published : Apr 21, 2020, 5:22 PM IST

Updated : Apr 21, 2020, 5:53 PM IST

নেশ্যনেল ডেস্ক, ২১ এপ্ৰিলঃ দেশব্যাপী চলি থকা লক ডাউনৰ মাজতে স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি কৰা অৱমাননা সূচক ব্যৱহাৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি ভাৰতীয় চিকিৎসা সংস্থাই বুধবাৰে,'বগা দিৱস' আৰু বৃহস্পতিবাৰে 'ক'লা দিৱস' হিচাপে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে ।

চিকিৎসা সংস্থাটোৱে সোমবাৰে তেওঁলোকৰ সকলো প্ৰাক্তন আৰু বৰ্তমানৰ পদাধিকাৰীসকলক পত্ৰযোগে বুধবাৰে বিৰোধ আৰু সতৰ্কতাৰ প্ৰতীকস্বৰূপে,বিভিন্ন চিকিৎসালয় পৰিসৰত স্বাস্থ্য কৰ্মীসকলক মমবাতি জ্বলাবলৈ নিৰ্দেশ প্ৰদান কৰে।

লগতে সংস্থাটোৱে দেশৰ সকলো চিকিৎসককে বিৰোধৰ প্ৰতীক স্বৰূপে বৃহস্পতিবাৰে ক'লা বেজ পৰিধান কৰিবলৈ আহ্বান জনায় ।

সংস্থাটোৱে সদৰি কৰা অনুসৰি,বহু বেয়া পৰিস্থিতিৰ মাজতো চিকিৎসাকৰ্মী সকলে আত্মসংযম বৰ্তাই ৰাখিছে। 'চিকিৎসক সকলক মাৰপিট কৰিছে, নিৰ্যাতন কৰিছে,নিজৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰিছে । ইয়াৰোপৰি অন্তিম সৎকাৰতো বাধা প্ৰদান কৰিছে' বুলি পত্ৰযোগে উল্লেখ কৰে,ভাৰতীয় চিকিৎসা সংস্থাৰ অধ্যক্ষ ডাঃ ৰঞ্জন শৰ্মাই ।

লগতে পঢ়কঃ কোভিড-১৯ৰ সমাধান বিছাৰি নাছাৰ অভিযান আৰম্ভ

Last Updated : Apr 21, 2020, 5:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.