ETV Bharat / bharat

কৰ‘ণাত আক্ৰান্তক চিনাক্ত কৰিবলৈ আইআইটি ৰুৰকিৰ বিশেষ উদ্ভাৱন

author img

By

Published : Apr 8, 2020, 10:04 AM IST

সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আইআইটি ৰুৰুকিৰ এগৰাকী গৱেষকে কৰ’ণা ভাইৰাছক লৈ এক নতুন কৌশল উদ্ভাৱন কৰিছে ৷ গৱেষকগৰাকীয়ে এটা এপৰ সহায়ত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰাৰ লগতে তেওঁৰ গতিবিধিত নজৰ ৰাখিবলৈ উন্নয়ন কৰিছে এই নতুন প্ৰযুক্তি ৷

আইআইটি ৰুৰকিৰ গৱেষকৰ বিশেষ কৌশল উদ্ভাৱন
আইআইটি ৰুৰকিৰ গৱেষকৰ বিশেষ কৌশল উদ্ভাৱন

নিউজ ডেস্ক, 8 এপ্ৰিলঃ এতিয়াৰে পৰা এপৰ সহায়েৰে নিশ্চিত কৰিব পাৰিব কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চমুকৈ আইআইটিৰ গৱেষকে সাজি উলিয়াইছে এই বিশেষ এপ ৷ আইআইটি ৰুৰকিৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ প্ৰবক্তা তথা গৱেষক, ডঃ কমল জৈনে সাজি উলিয়াইছে এই বিশেষ এপ ৷

এই বিশেষ মোবাইল এপ্লিকেশ্বনৰ দ্বাৰা কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰাৰ লগতে তেওঁৰ গতি-বিধিৰ ওপৰতো নজৰ ৰাখিব পৰা যাব ৷ ব্যৱহাৰ কৰিবলৈ অতিকে সহজ এই এপ্লিকেশ্বনত জিঅ’ ফেন্সিৰ লগতে এলাৰ্মৰ সুবিধা সন্নিৱিষ্ট কৰা হৈছে ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰি তেওঁৰ চাৰিওফালে কৃত্ৰিম জিঅ’ ফেন্সিঙৰ প্ৰলেপ গঢ়ি তুলিবলৈ সক্ষম এই এপটোৱে আৰক্ষী তথা স্বাস্থ্যকৰ্মীসকলক যথেষ্ট সহায় কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে যদিহে কৰ’ণাত আক্ৰান্ত ব্যক্তিয়ে জিঅ’ ফেন্সিং উলংঘা কৰে তেতিয়া ততালিকে আৰক্ষী তথা স্বাস্থ্যকৰ্মীসকলৰ ওচৰত এক সংকেটধ্বনি বাজি উঠিব যাৰ দ্বাৰা ব্যক্তিগৰাকীৰ স্থান নিশ্চিত কৰিব পৰা যাব ৷ আনহাতে যদিহে জিপিএছ ডাটা উপলব্ধ নহয়, তেতিয়াও মোবাইল টাৱাৰৰ সহায় লৈ তিনিওদিশৰ পৰাই লোকেশ্বন ট্ৰেক কৰিবলৈ সক্ষম এই বিশেষ এপটো ৷ ইয়াৰ উপৰিও মোবাইল ইন্টাৰনেটে কাম নকৰিলে এছএমএছৰ দ্বাৰাও সবিশেষ জানিব পৰা যাব ৷ এই বিশেষ এপটোৱে ৰাজহুৱা স্থানত হোৱা জনসমাগমৰ বিষয়েও তথ্য প্ৰদান কৰিব পাৰে ৷ যদিহে এগৰাকী আক্ৰান্ত ব্যক্তিয়ে এই এপটো ব্যৱহাৰ কৰে তেতিয়াহ’লে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰাটো সহজসাধ্য কৰি তোলে এই এপটোৱে ৷

গৱেষক তথা অধ্যাপক ডঃ জৈনে প্ৰকাশ কৰা অনুসৰি, এইটো এটা plug and play device ৷ 5 মিটাৰ দুৰত্বত প্ৰতি 2, 10 আৰু 15 ছেকেণ্ডৰ অন্তৰালত এই এপটোৱে সঠিক জাননী প্ৰেৰণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.