নেশ্যনেল ডেস্ক, ২৪আগষ্ট: কংগ্ৰেছৰ নেতৃত্ব পৰিৱৰ্তনক লৈ দলৰ ভিতৰতে সংঘাত আৰম্ভ হোৱাৰ সময়তে, মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগবঢ়াইছে নিজৰ মতামত । মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মতে ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষৰ পদ শুৱনি কৰক আৰু যদিহে তেওঁ অমান্তি হয় তেন্তে ৰাহুল গান্ধীক অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হওক।
দেওবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰে হোৱা বৈঠকত এই মত প্ৰকাশ কৰে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কমিটীৰ মতে ছোনিয়া গান্ধীৰ নেতৃত্বতে কংগ্ৰেছ দল শাসনলৈ আহিছিল। তেওঁ দলৰ বাবে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে আৰু বৰ্তমানলৈকে দলৰ হিতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি, পুনৰ ছোনিয়া গান্ধীক অধ্যক্ষ পদত উপবিষ্ট হ'বলৈ প্ৰস্তাৱ আগবঢ়ায় মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বালাছাহেব থোৰাটে। উল্লেখ্য যে, দলৰ বহু নেতাই ইতিমধ্যে ছোনিয়া গান্ধীলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে । যুৱশক্তিৰ হাতত পুনৰ দলৰ নেতৃত্ব গতাই দিয়া কাৰ্যত সমৰ্থন জনোৱা নাই একাংশ জ্যেষ্ঠ নেতাই। সোমবাৰে অনুষ্ঠিত হ'ব দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী ক্ষমতাসম্পন্ন ৱাকিং কমিটীৰ বৈঠক। দলৰ পৰৱৰ্তী অধ্যক্ষ কোন হ'ব সেই বিষয়ে বৈঠকত আলোচনা হ'ব।