ETV Bharat / bharat

মৃত্যু নে নিৰুদ্দেশ ! হায়দৰাবাদত অদ্ভূত কাণ্ড !

হায়দৰাবাদত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়ৰ পৰা স্বামী নিৰুদ্দেশ হোৱাৰ অভিযোগ । আনফালে চিকিৎসালয় কৰ্তৃপক্ষৰ COVID-১৯ ত মৃত্যু হোৱাৰ দাবী স্বামী মধুসূদনৰ ।

চিকিৎসালয়ৰ পৰা স্বামী নিৰুদ্দেশ হোৱাৰ অভিযোগ মহিলাৰ
মৃত্যু নে নিৰুদ্দেশ
author img

By

Published : May 22, 2020, 12:42 PM IST

হায়দৰাবাদ, ২২ মে': হায়দৰাবাদত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । হায়দৰাবাদৰ গান্ধী হাস্পতালত COVID-১৯ ত এজন লোকৰ মৃত্যু হোৱাৰ তিনি সপ্তাহৰ পাচত নগৰপালিকাৰ বিষয়ববীয়াৰ দ্বাৰা লোকজনৰ অন্তিম সংস্কাৰ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে । কিন্তু মৃত্যু হোৱা লোকজনৰ পত্নীৰ দাবী অনুসৰি, মৃত্যু নহয় নিৰুদ্দেশহে হৈ আছে তেওঁৰ স্বামী । আনহাতে, মৃত্য়ু হোৱা আৰু অন্তিম সংস্কাৰৰ সত্যতা নিৰূপন কৰাৰ দাবী মহিলাগৰাকীৰ ।

মহিলাগৰাকীয়ে চৰকাৰী হাস্পতালৰ পৰা প্ৰদান কৰা বিবৃতিত আশ্বস্ত নহয় যে, ভৰ্তি কৰোৱাৰ এদিন পাচতেই ১ মে'ত মৃত্য়ুবৰণ হৈছে তেওঁৰ স্বামীৰ । পত্নীৰ লগতে দুই জীয়ৰীয়ে বিশ্বাস কৰে যে, তেওঁলোকৰ পিতৃ নিৰুদ্দেশ হৈ আছে । হায়দৰাবাদৰ বনস্থলিপুৰম এলেকাৰ নিৱাসী আলামপল মাধৱীয়ে তেলেংগানাৰ মন্ত্ৰীপৰিষদ মন্ত্ৰী কে.টি.ৰামা ৰাওক টুইট কৰি গান্ধী হাস্পতালৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি উল্লেখ কৰাতহে পোহৰলৈ আহিছে এই ঘটনা ।

আনহাতে, এই সন্দৰ্ভত হাস্পতালখনৰ অধীক্ষক এম.ৰাজা ৰাওয়ে বৃহস্পতিবাৰে এক বিবৃতি প্ৰদান কৰি কয় যে, ৪২ বছৰীয়া মধুসূদনক হাস্পতালত ভৰ্তি কৰোৱা পিচতে ৩০ এপ্ৰিলত তেওঁৰ দেহত COVID-১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । তেওঁৰ অৱস্থা এআৰডিএছ আৰু নিম'নিয়া হৈ থকাৰ বাবে গম্ভীৰ আছিল যাৰ বাবে ১ মে'ত তেওঁৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হয় । লগতে ইয়াৰ পাচত নিয়ম অনুসৰি আৰক্ষীক মৃতদেহ প্ৰদান কৰা হৈছিল আৰু পৰিয়ালৰ কোনো লোক মৃতদেহ চমজি ল'বলৈ নহাত গ্ৰেটাৰ হায়দৰাবাদ পৌৰনিগমক অন্ত্যোষ্টিক্ৰিয়াৰ বাবে মৃতদেহ প্ৰদান কৰি দিয়া হয় বুলি উল্লেখ কৰে । তদন্তত জিএইজএমচিৰ দ্বাৰা মৃতদেহ সৎকাৰ কৰা হৈছে বুলি জানিব পৰা যায় বুলিও মন্তব্য কৰে ।

ৰাজা ৰাওয়ে লগতে কয়, "সকলো নিয়মাৱলী পালন কৰা হৈছে । আমি পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰদান কৰিছো । কিন্তু হাস্পতাল, চিকিৎসক, অন্য কৰ্মচাৰীক বদনাম কৰাটো সঠিক নহয় । কাৰণ তেওঁলোকে শ-শ কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা কৰি আছে ।"

উল্লেখ্য় যে, মধুসূদন চাউলৰ এখন মিলত কৰ্মৰত আছিল । যোৱা ২৭ এপ্ৰিলত অসুস্থ হৈ পৰাত কিং কটি চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লোকজনক । পিচত পজিটিভ ধৰা পৰাত গান্ধী হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল ৰোগীজনক । তেওঁৰ মৃত্যুৰ পাচত পৰিয়ালৰ লোককো কোৱাৰেণ্টাইন কৰা হৈছিল । তাৰ পাচত পজিটিভ লাভ কৰাত গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পত্নী মাধৱী আৰু দুই জীয়ৰীক ১৬ মেত আৰোগ্য লাভ কৰাৰ পাচত ঘৰলৈ উভতি যাবলৈ দিয়া হৈছিল ।

কিন্তু মহিলাগৰাকীয়ে স্বামীৰ মৃত্যু হোৱাৰ খবৰ মানিবলৈ অমান্তি হৈছে কাৰণ মৃত্যুৰ তথ্য় বিচৰাত হাস্পতাল কৰ্তৃপক্ষই কোনো ভিডিঅ', ফটো দিবলৈ সমৰ্থ হোৱা নাই বুলি উল্লেখ কৰে মহিলাগৰাকীয়ে । হাস্পতাল কৰ্তৃপক্ষই তথ্য দিবলৈ সমৰ্থ নোহোৱা পৰ্যন্ত স্বামীৰ মৃত্যু হোৱা বুলি অস্বীকাৰ কৰি যাব বুলি কয় মহিলাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.