ETV Bharat / bharat

হায়দৰাবাদত মহিলাক অশালীন ব্যৱহাৰ কৰা 48 জনক চাৰি সপ্তাহত আটক

হায়দৰাবাদত SHE দলে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অপৰাধত 48 জনক গ্ৰেপ্তাৰ কৰিছে ৷ বৰ্তমানলৈকে এই অপৰাধত 57 টা গোচৰ ৰুজু কৰিছে SHE দলে ৷

48 জনক চাৰি সপ্তাহত আটক
ৰাঁচাকোন্দা SHE দলৰ কাউন্সেলিং
author img

By

Published : Feb 8, 2020, 4:47 PM IST

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী : ৰাঁচাকোন্দাৰ SHE দলে মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অপৰাধত চাৰি সপ্তাহত 48 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা বাল্য বিবাহৰ ঘটনা ধৰা পেলাইছে ৷ ৰাঁচাকোন্দাৰ আৰক্ষী আয়ুক্ত মহেশ ভগৱটে জানিবলৈ দিয়া অনুসৰি, ৰাঁচাকোন্দাৰ SHE দলসমূহে বৰ্তমানলৈকে মহিলাৰ ওপৰত অশালীন ব্যৱহাৰ কৰাৰ দোষত 57 টা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে 48 জনক গ্ৰেপ্তাৰ কৰিছে ৷

এল. বি. নগৰস্থিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাঁচাকোন্দাৰ SHE দলৰ উদ্যোগত এই লোকসকলক কাউন্সেলিঙৰো ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, তেওঁলোকৰ ব্যৱহাৰত পৰিৱৰ্তন আনিবৰ বাবে মনোবিজ্ঞানী ড. বাশৱীয়ে তেওঁলোকক কাউন্সেলিং প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

28 জানুৱাৰীত আব্দুল্লাপুৰমেট মণ্ডলৰ কাম্মাগোডা গাঁৱত এক বাল্য বিবাহৰ তথ্য লাভ কৰা হৈছিল ৷ দশম শ্ৰেণীত অধ্যনৰত 14 বৰ্ষীয় এগৰাকী ছাত্ৰীক এজন 23 বছৰীয়া যুৱকৰ সৈতে বিয়া দিবলৈ যা-যোগাৰ চলোৱা হৈছিল ৷

এই তথ্য লাভ কৰাৰ পাচতে বনস্থলিপুৰমৰ SHE দল আৰু শিশু সেৱা বিভাগৰ সদস্যই আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ বাল্য বিবাহৰ সমস্যা সম্পৰ্কত বিৱৰণ দিয়াৰ লগতে কন্যা গৰাকীৰ পিতৃ-মাতৃক কাউন্সেলিঙৰ ব্যৱস্থা কৰে ৷

আৰু পঢ়ক : ৰাজ্যত তিনিদিনত সংঘটিত হ'ল তিনিটা জঘন্য ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.