ETV Bharat / bharat

আশ্চৰ্যকৰ : বিহাৰত প্ৰায় 200 টা বাদুলীৰ মৃত্যু !

author img

By

Published : May 28, 2020, 8:06 AM IST

Updated : May 28, 2020, 9:42 AM IST

কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই বিহাৰৰ আৰাত চাঞ্চল্যকৰ ঘটনা । মঙলবাৰে অঞ্চলটোত মৃত্যু 200 টাতকৈ অধিক বাদুলীৰ ।

Hundreds of bats found dead in Bihar's Ara; doctor claims heatstroke as reason

নিউজ ডেস্ক, 28 মে': বিহাৰৰ তাৰাৰি জিলাত সংঘটিত হয় এক অভাৱনীয় ঘটনা । জিলাখনৰ আৰা গাঁওত মৃত্যু হয় প্ৰায় 200 টাতকৈ অধিক বাদুলীৰ । এই ঘটনাৰ পাচতেই গাওঁখনত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে-লগে পশু চিকিৎসকক খবৰ দিয়াত গাওঁখনত এটা 6 জনীয়া চিকিৎসকৰ দল আহি উপস্থিত হয় । পিচত চিকিৎসকৰ দলটোৱে বাদুলী কেইটাৰ নমুনা সংগ্ৰহ কৰি পাটনালৈ প্ৰেৰণ কৰে ।

চিকিৎসকৰ প্ৰাৰম্ভিক তদন্তত এইয়া অত্যাধিক গৰম (হীটষ্ট্ৰ'ক) অথবা কীটনাশকৰ বাবে হোৱা বুলি সন্দেহ কৰা হৈছে । অৱশ্যে পাটনালৈ প্ৰেৰণ কৰা নুমনাৰ ফলাফলৰ পাচতহে প্ৰকৃত কাৰণ ধৰা পৰিব বুলি উল্লেখ কৰা হৈছে ৷

বিহাৰত 200 টাতকৈ অধিক বাদুলীৰ মৃত্য়ু !
বিহাৰত প্ৰায় 200 টা বাদুলীৰ মৃত্যু

আনহাতে এগৰাকী চিকিৎসকৰ মতে, এইয়া কৰ'ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা বুলি পোনচাটেই কোৱাটো অতি খৰখেদা হ'ব বুলি মন্তব্য কৰে । মৰণোত্তৰ পৰীক্ষাৰ পাচতহে ধৰা পৰিব বাদুলী কেইটাৰ মৃত্য়ুৰ প্ৰকৃত কাৰণ । পিচত মৃত বাদুলী কেইটাৰ মৃতদেহ ছয় ফুট মাটিৰ তলত পোতাৰ লগতে সমগ্ৰ ঠাইখিনি চেনিটাইজ কৰা হয় । এই ঘটনাই কিছু পৰিমাণে এতিয়া শংকিত কৰি তুলিছে স্থানীয় ৰাইজক ।

Last Updated : May 28, 2020, 9:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.