নিউজ ডেস্ক ,৪ জুনঃ যি সময়ত দেশত কৰ'ণা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰি আহিছে, চৰকাৰে জনসাধাৰণক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই আহিছে সেই সময়তেই তামিলনাডুত দেখা গ'ল বিপৰীত ছবি ৷ তামিলনাডুৰ আলিয়ালুৰ জিলাত বুধবাৰে মৎস্য উৎসব উৎযাপনৰ বাবে সামাজিক দূৰত্ব তথা চৰকাৰী নীতি-নিৰ্দেশনা অৱমাননা কৰি ওলাই আহিল শ শ লোক ।
নাকামবদি গাওঁত প্ৰতিবছৰে পালন কৰা হয় এই মৎস্য উৎসৱ । কিন্তু এইবেলি কৰ'ণা মহামৰীৰ বাবে চৰকাৰে সকলো উৎসৱ উদযাপনৰ ক্ষেত্ৰত বাধা আৰোপ কৰি ৰাখিছিল যাতে জন সমাগম নহয় আৰু সামাজিক দূৰত্ব বৰ্তি থাকে । তেনে সময়তে, চৰকাৰ প্ৰশাসনে কেনেদৰে জনসমাগম হ'বলৈ দিলে তাকে লৈ অঞ্চলটোত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।
লগতে পঢকঃ মুম্বাইত তাণ্ডৱ চলায় মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !