ETV Bharat / bharat

ক'ভিড-19 কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে ! - সহযোগী অধ্যাপক সন্দীপ ৰবাৰ্ট দত্ত

হাভাৰ্ড মেডিকেল স্কুলৰ এক অধ্যয়নত এন'ছমিয়া অৰ্থাৎ ঘ্ৰাণ শক্তিৰ বিলুপ্তি,ক'ভিড-19ৰ এক প্ৰাৰম্ভিক লক্ষণ বুলি পোহৰলৈ আহিছে ৷ অধ্যয়নত জ্বৰ আৰু কাঁহ ক'ভিড-19ৰ লক্ষণ বুলি গম পোৱা গৈছে যদিও ঘ্ৰাণ শক্তি কমি যোৱাটো এতিয়ালৈকে স্পষ্ট হৈ উঠা নাই ৷

কোভিড-19 কিদৰে ৰোগীৰ ঘ্ৰাণ ক্ষমতা কমাই দিয়ে !

author img

By

Published : Jul 28, 2020, 10:16 PM IST

নিউজ ডেস্ক, 28 জুলাই : ক্ষন্তেকৰ বাবে ঘ্ৰাণ শক্তি লোপ পোৱাটো সিমান বিপদজ্জনক নহয় বুলি হাভাৰ্ড মেডিকেল স্কুলৰ এক অধ্যয়নত পোহৰলৈ আহিছে ৷ কিয়নো নিউৰণসমূহ কৰ'ণা ভাইৰাছৰ বাবে বিপদজ্জনক নহয় ৷

ক'ভিড-19ৰ এক প্ৰাৰম্ভিক লক্ষণ হৈছে এন'ছমিয়া অৰ্থাৎ ঘ্ৰাণ শক্তি লোপ পোৱা ৷ জ্বৰ আৰু কাঁহৰ দৰেই ইয়াক ক'ভিড-19ৰ লক্ষণ বুলি কোৱাটো এতিয়াও স্পষ্ট নহয় ৷

চায়েন্স এডভান্স নামৰ জাৰ্নেলত প্ৰকাশিত শেহতীয়া অধ্যয়নত অলফেক্টৰি কোষসমূহ ছাৰচ-কোভ-2 ভাইৰাছৰ বাবে বিপদজ্জনক বুলি কোৱা হৈছে ৷ আচৰিতভাৱে নিউৰণসমূহ যিয়ে মগজুক ঘ্ৰাণৰ বিষয়ে অৱগত কৰায় সেইসমূহ কোষ ক'ভিড-19ৰ বাবে বিপদজ্জনক নহয় বুলি কোৱা হৈছে ৷

হাভাৰ্ড মেডিকেল স্কুলৰ ব্লাভাটনিক ইনষ্টিটিউটৰ সহযোগী অধ্যাপক,সন্দীপ ৰবাৰ্ট দত্তৰ মতে,ক'ভিড-19এ নিউৰণক প্ৰত্যক্ষভাৱে আক্ৰমণ নকৰে যদিও ইয়াৰ সহযোগী কোষসমূহক আক্ৰমণ কৰে ৷

ইয়ে স্পষ্ট কৰে যে,ছাৰচ-কোভ-2 ভাইৰাছ সংক্ৰমণ অধিকাংশ ঘটনাত অলফেক্টৰি নিউৰেল কোষসমূহক স্থায়ীভাৱে ধ্বংস কৰি দিয়ে আৰু ইয়ে আংশিক এন'ছমিয়াৰ সৃষ্টি কৰে ৷ মানসিক আৰু সামাজিক স্বাস্থ্যৰ দিশত দুঃচিন্তা আৰু অৱসাদৰ ক্ষেত্ৰত দত্তই এই কথা উল্লেখ কৰে ৷

তেওঁ লগতে কয় যে,"এইটো ভাল লক্ষণ যে,এবাৰ অলফেক্টৰি নিউৰণ কোষসমূহৰ সংক্ৰমণ শেষ হ'লে ইয়াক পুনৰবাৰ গঢ়ি তোলা অথবা সলনি কৰাৰ প্ৰয়োজন নহয় ৷ কিন্তু ইয়াক সিদ্ধ কৰিবৰ বাবে আমাক অধিক তথ্য আৰু অধ্যয়নৰ প্ৰয়োজন আছে ৷"

শেহতীয়া অধ্যয়নত দত্ত আৰু তেওঁৰ সহযোগীয়ে ক'ভিড-19ৰ ক্ষেত্ৰত ঘ্ৰাণ কোষসমূহে কিদৰে কাম কৰে তাক লৈ অধিক গৱেষণা চলাই আছে ৷ তেওঁলোকে একোষীয় তথ্যসমূহৰ পৰীক্ষণ কৰি লৈ এই দিশত জিনসমূহক সহস্ৰাধিক আত্মকোষে মানুহ,এন্দুৰ আৰু বনমানুহৰ নাকৰ ওপৰ অংশৰ কেভেটিত ইয়াক লিপিবদ্ধ কৰিছে ৷

এই গৱেষণাত দেখা গৈছে যে,অলফেক্টৰি ছেনছৰি নিউৰণসমূহে ACE2 ৰিচিপ্টৰ প্ৰ'টিন যুক্ত জিনসমূহক প্ৰকাশ নকৰে,যাৰ দ্বাৰাই ছাৰচ-কোভ-2 ভাইৰাছে মানৱ কোষত প্ৰৱেশ কৰে ৷ ইয়াৰ বিপৰীতে,ACE2ক অলফেক্টৰি ছেনছৰি নিউৰণক মেটাবলিক আৰু ষ্ট্ৰাকছাৰেল ছাপৰ্ট প্ৰদান কৰা তথা ষ্টিম কোষ আৰু ব্লাড ভেছেল কোষত দেখা পোৱা গৈছে ৷

অধ্যয়নত পোৱা মতে,নন-নিউৰ'নেল কোষত হোৱা সংক্ৰমণেই ক'ভিড-19ৰ ৰোগীৰ এন'ছমিয়াৰ বাবে দায়ী আৰু ইয়ে এই ৰোগৰ বিষয়ে অধিক তথ্য প্ৰদান কৰাত সহায় কৰিছে ৷

লগতে পঢ়ক : বঙাইগাঁৱত কোভিড-19 আক্ৰান্তই জন্ম দিলে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.