ETV Bharat / bharat

হাথৰছ কাণ্ড : ভুক্তভোগীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ প্ৰিয়ংকা - এছ.এছ.টি.

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে হাথৰছ কাণ্ডৰ ভুক্তভোগীৰ চৰিত্ৰক অৱমাননা কৰাৰ বাবে এক ভুৱা আখ্যান সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বৃহস্পতিবাৰে কয় যে, উক্ত মহিলাগৰাকী ন্যায় লাভৰ যোগ্য, বদনাম হোৱাৰ যোগ্য নহয়।

Holding Hathras victim responsible for crimes against her is revolting, regressive: Priyanka Gandhi
হাথৰছ কাণ্ডঃ ভুক্তভোগীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ প্ৰিয়ংকা
author img

By

Published : Oct 8, 2020, 5:39 PM IST

নতুন দিল্লী, 8 অক্টোবৰ : ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে হাথৰছ কাণ্ডৰ ভুক্তভোগীৰ চৰিত্ৰক অৱমাননা কৰাৰ বাবে এক ভুৱা আখ্যান সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বৃহস্পতিবাৰে কয় যে, উক্ত মহিলাগৰাকী ন্যায় লাভৰ যোগ্য, বদনাম হোৱাৰ যোগ্য নহয়।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটাৰযোগে কয় যে, "হাথৰছত এক জঘন্য অপৰাধ কৰা হৈছে, যাৰ ফলত ২০ বছৰীয়া এগৰাকী দলিত যুৱতীৰ মৃত্যু হৈছে,"

উক্ত টুইটত তেখেতে কয়, "তাইৰ পৰিয়ালৰ অংশগ্ৰহণ বা সন্মতি অবিহনে তাইৰ শৰীৰটো দাহ কৰা হৈছে। তাই ন্যায় লাভ কৰাৰ যোগ্য, বদনামী হোৱাৰ নহয় ৷ "ইয়াৰ পূৰ্বে প্ৰিয়ংকাই উত্তৰ প্ৰদেশত দলবদ্ধ ধৰ্ষণৰ অভিযোগত ২৯ ছেপ্টেম্বৰত মৃত্যু হোৱা হাথৰছৰ ভুক্তভোগীৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰিছিল আৰু ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছিল যে, চৰকাৰে এই বিষয়ত আদালতৰ অনুসন্ধানৰ নিৰ্দেশ দিব নেকি।

  • Creating a narrative that defames a woman’s character and holding her somehow responsible for crimes committed against her is revolting and regressive.

    A heinous crime has been committed at Hathras, leaving a 20-year-old Dalit woman dead.

    1/2

    — Priyanka Gandhi Vadra (@priyankagandhi) October 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰিয়ংকা আৰু তেওঁৰ ভাতৃ ৰাহুল গান্ধী যোৱা সপ্তাহত হাথৰছত উপস্থিত হৈছিল ৷ যাৰ পাছতে প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰাত বাধা আৰোপ কৰিছিল যদিও পৰৱৰ্তি সময়ত পাঁচজনীয়া এটা দলক ভুক্তভোগী পৰিয়ালক সাক্ষাতৰ অনুমতি প্ৰদান কৰিছিল ৷

  • ..Her body has been burned without the participation or consent of her family.

    SHE DESERVES JUSTICE NOT SLANDER.

    2/2#बेशर्मBJP

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ‘ (চিবিআই) তদন্তৰ পৰামৰ্শ দিছে । ইয়াৰ আগতে অনুসন্ধানকাৰী সংস্থা এছ.এছ.টি.ৰ দ্বাৰা তদন্ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : 3 ঘণ্টাত 250 কি:মি: এম্বুলেঞ্চ চলায় শিশুৰ জীৱন বচালে এজন চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.