আজিৰ দিনটো-
- আজি বিশ্ব মহ দিৱস ৷ মাইকী ম'হে মানুহৰ মাজত মেলেৰিয়া ৰোগ বিয়পোৱাৰ কথা বিট্ৰিছ চিকিৎসক চাৰ ৰ’ণাল্ড ৰ’জে 1897 চনত আৱিষ্কাৰ কৰিছিল আৰু তেখেতৰ স্মৃতিত 20 আগষ্ট দিনটো ম'হ দিৱস হিচাপে পালন কৰা হয় ৷
- আজি ভাৰতীয় ফুটবল খেলুৱৈ গস্থা পলৰ জন্মদিন ৷ 1896 চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰথমগৰাকী অধিনায়ক গস্থা বেহাৰী পলে জন্মগ্ৰহণ কৰিছিল ৷
- ১৯৭৪ চনৰ আজিৰ তাৰিখতে ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় ।
- ১৮২৮ চনৰ আজিৰ দিনটোতে কলকতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়।
- 20 আগষ্ট দিনটো ভাৰতে অক্ষয় উৰ্জা দিৱস হিচাপে পালন কৰে ৷ 2004 চনৰ পৰাই ভাৰতে সৌৰ শক্তি,বায়ু শক্তি তথা হাইপ্ৰইলেক্ট্ৰিকেল শক্তিৰ উন্নয়ণৰ হেতুকে পালন কৰি আহিছে ৷
- 1866 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গৃহযুদ্ধ সমাপ্ত হৈছিল ৷ ৰাষ্ট্ৰপতি এনড্ৰিও জনচনে আনুষ্ঠানিকভাৱে এইকথা ঘোষণা কৰে ৷
- 1920 চনৰ 20 আগষ্ট তাৰিখে কাৰ্যকৰী হৈছিল প্ৰথমটো বাণিজ্যিক ৰেডিঅ’ ষ্টেশ্যন ৷ 8MK আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত চহৰ দিট্ৰইন মুকলি কৰা হৈছিল ৷ বৰ্তমান এই কেন্দ্ৰটোত WWJ হিচাপে জনপ্ৰিয় ৷
- 1977 চনৰ আজিৰ দিনটোতে নাচাই Voyager 2 আকাশীযান মুকলি কৰিছিল ৷
- 1995 চনৰ 20 আগষ্ট তাৰিখে সংঘটিত হৈছিল ফিৰোজাবাদ ৰে’ল দুৰ্যোগ ৷ গৰুক খুন্দিওৱা এখন ৰে’লক আন এখন যাত্ৰীবাহী ৰে’লে খুন্দিওৱাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু যাৰ ফলত মৃত্যু হৈছিল 358 গৰাকীতৈও অধিক লোক ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷ দুয়োখন ৰে’ল দিল্লী অভিমুখী আছিল ৷ প্ৰথমখন ৰে’ল আছিল কালিন্দী এক্সপ্ৰেছ,এটা গৰুক খুন্দিওৱাৰ পাচতেই ৰে’লখনৰ ব্ৰেকৰ ব্যৱস্থা বিকল হৈ পৰিছিল ৷ ফলত প্ৰতি ঘন্টাত 70 কিলোমিটাৰতকৈ গতি কৰা পুৰুষোত্তম এক্সপ্ৰেছে পাচৰ পৰা খুন্দা মৰাৰ ফলতেও এই দুৰ্ঘটনা সংঘটিত হৈছিল ৷
- 1997 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল চৌহান গণহত্যা ৷ এই ঘটনা চৌহানেৰ এখন সৰু পাহাৰীয়া চহৰত সংঘটিত হৈছিল ৷ 20 আৰু 21 আগষ্টত সংঘটিত এই গণহত্যা l মৃত্যু হৈছিল প্ৰায় 64 গৰাকীকৈ লোক ৷ ইয়াৰ উপৰিও 15 গৰাকীকৈ মহিলাক অপহৰণ কৰা হৈছিল ৷ মানুহৰ মনত ইয়াৰ চাপ ইমান বেয়াকৈ পৰিছিল যে চহৰখনত 4000ৰ পৰা জনসংখ্যা কমি কমি 2002 চনত মাত্ৰ 103 হৈ পৰিছিল ৷ উল্লেখ্য যে,এই গণহত্যা পুনৰ বাৰ সংঘটিত হৈছিল একেটা বৰ্ষৰে নৱেম্বৰ মাহত ৷ য’ত 18 গৰাকী পুৰুষ, 3 গৰাকী মহিলা আৰু 4 টা শিশুৱে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ আলগাৰিয়ান গণহত্যা বুলিও জনা গৈছিল ৷
- 2006 চনৰ আজিৰ দিনটোতে গুলীবিদ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছিল শ্ৰীলংকাৰ তামিল ৰাজনীতিবিদ তথা পূৰ্বৰ সাংসদ এছ. শিৱমহাৰাজাই ৷ সেই সময়ত দেশখনত চলি থকা গৃহযুদ্ধৰ সময়তে এই ঘটনা সংঘটিত হৈছিল ৷
- 2007 চনৰ আজিৰ দিনটোতে চাইনা এয়াৰলাইন্স ফ্লাইট 120 বিমানখন ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল ৷ অগ্নিসংযোগ হোৱা বিমানখন জাপানৰ অকিনাৱাৰ নাহা বিমানবন্দৰত অৱতৰণ কৰাৰ পাচতেই বিস্ফোৰণ ঘটিছিল বিমানখনৰ ৷
- 2012 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল কয়দী বিদ্ৰোহ ৷ ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাচত সংঘটিত এই কয়দী বিদ্ৰোহত অতি কমেও 20 জন লোক নিহত হৈছিল ৷