নিউজ ডেস্ক, 24 আগষ্ট : কংগ্ৰেছৰ শীৰ্ষ মহলত অধ্যক্ষ পদৰ বাবে দলীয় নেতাকৰ্মীৰ মাজত চৰ্চা হোৱাতো নতুন কথা নহয় ৷ ইয়াৰ পূৰ্বেও দলটোত অধ্যক্ষ পদৰ বাবে বহুবাৰ সংকট হোৱা পৰিলক্ষিত হৈছে ৷
ইয়াৰ ভিতৰত কেইটামান দলীয় সংকট তথা দলৰ বেয়া সময়ৰ পৰিস্থিতিৰ কথা তলত উল্লেখ কৰা হলঃ
1. কংগ্ৰেছ দলে বিগত 6 বছৰ ধৰি শাসনৰ পৰা বাহিৰত আছে ৷ দলটো দ্ধিতীয় বৃহৎ সময়ৰ ব্যৱধানৰ বাবে শাসনৰ বাহিৰত আছে ৷
ছোনিয়া গান্ধী ৰাষ্ট্ৰপ্ৰতি হোৱাৰ সময়ত কংগ্ৰেছ দলঃ
1. 1999 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দলীয় সংকটৰ বাবে পি এ চাংমাক দলৰ পৰা অপসাৰণ কৰা হৈছিল ৷
2. 2001 চনত জীতেন্দ্ৰ প্ৰসাদে নিৰ্বাচনত প্ৰতিদ্বন্ধিতা আগবঢ়াইছিল ৷ ছোনিয়া গান্ধীৰ বিপৰীতে অধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্ধিতা আগবঢ়াইছিল, য'ত ছোনিয়া গান্ধী বিজয়ী হৈছিল ৷
3. 1998 চনক কংগ্ৰেছৰ সেই সময়ৰ অধ্যক্ষ সীতাৰাম কেশৰী পুনৰ অধ্যক্ষ পদৰ পৰা বিদ্ৰোহত লিপ্ত হৈছিল ৷ সেই সময়ত গান্ধী পৰিয়াল অধ্যক্ষ গৰাকীৰ বিপক্ষে আছিল বুলি জানিব পৰা গৈছে ৷
4. 1990 চনত পুনৰ কংগ্ৰেছ দলত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ৷
5. 1969 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে দলৰ জ্যেষ্ঠ কৰ্মীৰ মাজত সংঘাত ৷ সেই সময়ত দেশত চলি থকা বিভিন্ন ধৰণৰ ছিণ্ডিকেটক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি ৷
ৰাষ্ট্ৰপ্ৰতি পদক লৈ বিতৰ্কঃ
1. দলৰ সেই সময়ৰ বিশ্বাসী নেতা নীলম সঞ্জীৱ ৰেড্ডী নিৰ্বাচনত পৰাস্ত হোৱাৰ পিচতে দল দুটা ভাগত বিভক্ত হৈছিল ৷
2. 1977 চনত দলৰ সংকটৰ সময়ত দলৰ কিছু সংখ্যক নেতা দলৰ বিপক্ষত থিয় হৈছিল ৷
3. জগজীৱন ৰাম আৰু এছ এন দৰে অন্য লোকৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্ধিতা আগবঢ়োৱাৰ সময়তে দলৰ বিভাজন হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁলোকে নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ সক্ষম হৈছিল ৷
4. পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰুয়ে পুৰুষোত্তম দাস, কে এম মুশী দৰে নেতাৰ বিপক্ষত থিয় হ'ব লগা হৈছিল ৷
5. 1951 চনত নেহৰুৱে CWC পদৰ পৰা পদত্যাগ কৰাৰ পিচত পুনৰ দলটোলৈ বিপদ নামি আহিছিল ৷
6. 1995 চনৰ পৰা 1959 চনত পুনৰ দলটোলৈ সংঘাত নামি আহিছিল ৷
7. 1960 চনৰ পৰা 1963 চনৰ ভিতৰত নীলম সঞ্জীৱ ৰেড্ডীৰ সময়ত পুনৰ দলটোলৈ অনাকাংক্ষিত বিপদ নামি আহিছিল ৷
8. 1964 চনৰ পৰা 1967 চনৰ সময়ত কামৰাজ কুমাৰস্বামী দলৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পুনৰ দলটোলৈ এক দুৰ্যোগ নামি আহিছিল ৷
9. 1970 চনৰ পৰা 1971 চনৰ জগজীৱন ৰাম বিভাজনৰ পিচত কংগ্ৰেছ নেতৃত্বৰ শীৰ্ষ মহলে জগজীৱন ৰামক অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত কৰিছিল ৷
লগতে পঢ়ক : হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ