ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Jul 30, 2019, 6:30 PM IST

জানো আহক বিশ্বৰ ইতিহাসত 30 জুলাইৰ দিনটোত সংঘটিত কেইটামান বিশেষ ঘটনাৰ সবিশেষঃ

ইতিহাসত আজিৰ দিনটো

ৰাজ্য

1926 চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।

ৰাষ্ট্ৰীয়

1886 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা চিকিৎসক আৰু প্ৰথম মহিলা বিধায়ক পদ্মভূষণ মুথুলক্ষ্মী ৰেড্ডীৰ তামিলনাডুত জন্ম হয় ৷ তামিলনাডুত চৰকাৰে মুথুলক্ষ্মী ৰেড্ডীৰ স্মৰণত 30 জুলাই দিনটো চিকিৎসালয় দিৱস হিচাপে উদযাপন কৰে ৷

1973 চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি নামকৰণ কৰা হয় কৰ্ণাটক।

2012 চনৰ আজিৰ দিনটোত নিশা 2.30 বজাত পাৱাৰ গ্ৰীড হঠাতে বিকল হৈ পৰাত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দিল্লী,উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ,পঞ্জাৱ,হাৰিয়ানা,চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ প্ৰায় 36 কোটি লোক প্ৰভাৱান্বিত হয় ৷ কেইবাখনো ৰেল মাজবাটত হঠাৎ ৰখাবলগীয়া হয় আৰু ৰাজধানী দিল্লীত মেট্ৰ' সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷

2015 চনৰ আজিৰ দিনটোতে মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত য়াকুব মেমনক ফাঁচী দিয়া হয় ৷ 1993 চনৰ 12 মাৰ্চত বোম্বাই (বৰ্তমান মুম্বাই) কেইবাস্থানত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত আছিল য়াকুব মেমন ৷

আন্তঃৰাষ্ট্ৰীয়

1784 চনৰ আজিৰ দিনটোত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হৈছিল।

1836 চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত প্ৰথম ইংৰাজী ভাষাত বাতৰি কাকত প্ৰকাশ পাইছিল ৷

1898 চনৰ আজিৰ দিনটোত জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ডন বিছমাৰ্কৰ মৃত্যু হয় ৷

Intro:Body:

AJIR DINTU

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.