ETV Bharat / bharat

অসমৰ চাহ শ্ৰমিকৰ সেৱাৰ বাবে UNICEF ৰ সৈতে HUL ৰ পাৰ্টনাৰশ্বিপ - হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ UNICEF ৰ সৈতে পাৰ্টনাৰশ্বিপ

হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ UNICEF ৰ সৈতে পাৰ্টনাৰশ্বিপ ৷ COVID-19 ৰ বিৰুদ্ধে যুঁজত চাহ শ্ৰমিকসকলক সজাগ কৰিব UNICEF আৰু HUL য়ে ৷

COVID-19 ৰ বিৰুদ্ধে যুঁজ
অসমৰ চাহ শ্ৰমিকৰ সেৱাৰ বাবে UNICEF ৰ সৈতে HUL ৰ পাৰ্টনাৰশ্বিপ
author img

By

Published : May 22, 2020, 3:40 PM IST

নিউজ ডেস্ক, 22 মে': হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে (HUL) শুকুৰবাৰে ঘোষণা কৰে যে, COVID-19 ৰ বিৰুদ্ধে যুঁজত অসমৰ চাহ বাগিছাৰ শ্ৰমিকসকললৈ স্বাস্থ্যকৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ বাবে UNICEF ৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে ৷ ইয়াৰ ফলত ৰাজ্যৰ চাহ বাগিছাসমূহত থকা পৰিয়ালসকল লাভাম্বিত হ'ব ৷ এই পাৰ্টনাৰশ্বিপৰ জৰিয়তে যোগাযোগৰ মাধ্যম আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰয়োজনীয় চাবোন আৰু শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হ'ব চাহ বাগিছাৰ শ্ৰমিকসকলক ৷

COVID-19 মহামাৰীৰ সময়ত এই লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হ'ব ৷ চাহ শ্ৰমিক আৰু স্থানীয় সমূদায় সমূহক সজাগতামূলক ব্যৱস্থা গ্ৰহণ সম্পৰ্কে অৱগত কৰোৱা হ'ব ৷ চাহ বাগিছা সমূহত কৰ্মৰত স্বাস্থ্য বিষয়া সকলক প্ৰশিক্ষণ দিবৰ বাবে HUL য়ে সাজু কৰিছে ভিডিঅ' আৰু অন্য প্ৰয়োজনীয় তথ্য ৷

HUL ৰ অধ্যক্ষ তথা কাৰ্যবাহী সঞ্চালক সঞ্জীৱ মেহতাই এই সম্পৰ্কত কয়, "দেশৰ পুৰণি উদ্যোগসমূহৰ ভিতৰত চাহ উদ্যোগ অন্যতম - এয়া উত্তৰ-পূৱৰ মুখ্য কোম্পানী সমূহৰ অন্যতম ৷ আনহাতে, দেশৰ সুশৃংখলিত খণ্ডটোত অধিক সংখ্যক কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আহিছে ৷ আমি HUL ৰ সৈতে পাৰ্টনাৰশ্বিপত চাহ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্য বান্ধি লৈছো ৷"

উল্লেখ্য যে, UNICEF য়ে 2010 চনৰ পৰাই চাহ উদ্যোগৰ উন্নয়নত বিশেষ ভূমিকা পালন কৰাৰ লগতে বিশেষকৈ গুৰুত্ব আৰোপ কৰি আহিছে শিশু আৰু মহিলাসকলৰ বিকাশত ৷

UNICEF, India ৰ ভাৰতৰ প্ৰতিনিধি ডঃ য়াছমিন আলি হকে কয়, "প্ৰায় 2 মিলিয়ন লোকে ভাৰতৰ চাহ উদ্যোগত কাম কৰে আৰু অধিক সংখ্যকেই চাহ বাগিছা সমূহত বসবাস কৰে ৷ ভাৰতীয় চাহ সন্থাৰ সহায়ত UNICEF য়ে 2012 চনৰ পৰাই চাহ বাগিছাসমূহত সেৱা আগবঢ়াই আহিছে ৷ ইয়াৰ জৰিয়তে চাহ বাগিছাৰ লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা চেষ্টা কৰাৰ লগতে COVID-19 ৰ সংক্ৰমণৰ পৰা এই লোকসকলৰ মুক্ত কৰাই আমাৰ প্ৰধান লক্ষ্য ৷ HULৰ সমৰ্থনৰ জৰিয়তে আমি সজাগতা বৃদ্ধি কৰাৰ লগতে সকলো চাহ বাগিছাত স্বাস্থ্য কৰ্মীসকলক প্ৰশিক্ষিত কৰি তুলিবৰ চেষ্টা কৰিম ৷"

2020 চনৰ এপ্ৰিলৰ প্ৰথম ভাগতে COVID-19 ৰ পৰা দেশক মুক্ত কৰিবৰ বাবে HUL য়ে 100 কোটি টকাৰ সাহাৰ্য প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি, দেশৰ জনগণক পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কত সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ COVID-19 ৰ সংকটৰ সময়ত UNICEF ৰ সৈতে HUL ৰ পাৰ্টনাৰশ্বিপৰ জৰিয়তে আক্ৰান্ত সমূদায় সমূহক চিনাক্ত কৰি উলিওৱাটো সহজ হৈ পৰিব আৰু সজাগতামূলক অভিযানৰো আয়োজন কৰিব পৰা যাব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.