নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ প্লাষ্টিক নিৰ্মূলৰ বাবে হিমাচলৰ মানালিৰ বাসিন্দা কল্পনা ঠাকুৰে এটা ব্যতিক্ৰমী পদ্ধতি উলিয়াইছে ৷ এই মহৎ পদক্ষেপৰ জৰিয়তে কল্পনাই বৰ্জিত প্লাষ্টিক শোধন কৰি তাৰ পৰা সুন্দৰ শিল্প নিৰ্মাণ কৰে ৷ ইয়াৰ জৰিয়তে, তেওঁ স্থানীয় লোকসকলৰ মাজত প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে ৷ কল্পনাৰ এই প্ৰচাৰ অভিযানক সকলোৱে প্ৰশংসা কৰিছে ৷ বহুকেইটা প্ৰতিষ্ঠানে কল্পনাক এই মহৎ কৰ্মৰ বাবে সন্মানিত কৰিছে ৷
প্লাষ্টিক বৰ্তমান সময়ত পৰিবেশৰ বাবে বিপদ হৈ পৰিছে ৷ কেৱল পৰিবেশ ধ্বংশই নহয় বৰ্জিত প্লাষ্টিক নষ্ট কৰাতোও সমস্যা হৈ দেখা দিছে ৷ এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু প্লাষ্টিক সম্পৰ্কে মানুহক সজাগ কৰিবলৈ বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ বহুলভাৱে প্ৰচাৰ আৰম্ভ কৰিছে কল্পনা ঠাকুৰে ৷ ঠাকুৰে চৰকাৰৰ প্লাষ্টিক বিৰোধী সজাগতা পদক্ষেপৰ শলাগ লৈছে আৰু যিমান পাৰি কম পৰিমাণে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক: হৰিৎ কৰ্ম সেনাৰ প্লাষ্টিক বিৰোধী সংগ্ৰাম