নিউজ ডেস্ক, 10 নৱেম্বৰ : হিমাচল প্ৰদেশৰ পাহাৰত ক্ৰমাত বতৰে ৰূপ সলাইছে ৷ হিমাচলত 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ এই সময়চোৱাত পাহৰৰ শিখৰত তুষাৰপাত হোৱাৰ বিপৰিতে পাহাৰৰ তলৰ সমতল অঞ্চলবোৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ 14 নৱেম্বৰত ওখ ঠাই সমূহত বতৰ বেয়া থাকিব তথা 15 আৰু 16 নৱেম্বৰত সমগ্ৰ ৰাজ্যতে বতৰ বেয়া হৈ থকাৰ আশংকা কৰা হৈছে ৷ এই তথ্য ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ৷
উল্লেখ্য যে, বৰষুণৰ ফলত ৰাজ্যখনৰ কৃষক সকলে যথেষ্ট সকাহ পাব ৷ বিগত এমাহ ধৰি বৰষুণ নোহোৱাৰ ফলত ৰাজ্যখনৰ খেতিয়কে ঘেহুৰ খেতি আৰম্ভ কৰিবলৈ অসমৰ্থ হৈ আছিল ৷
বতৰ বিজ্ঞানৰ মতে, পাহাৰৰ ওপৰৰ অংশত তুষাৰপাতৰ পাছত তাপমাত্ৰাও যথেষ্ট হ্ৰাস পাব ৷
লগতে পঢ়ক: অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি