ETV Bharat / bharat

উচ্চস্তৰীয় বৈঠকত মিলিত হ'ব মন্ত্ৰী গোট - মন্ত্ৰীগোটৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰী হৰ্ষ বৰ্ধনৰ আহ্বানত মন্ত্ৰীগোটৰ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকত লকডাউনৰ দ্বিতীয় সপ্তাহ সম্পৰ্কে প্ৰৰ্যালোচনা কৰা হ'ব ।

উচ্চস্তৰীয় বৈঠকত মিলিত হ'ব মন্ত্ৰী গোট
উচ্চস্তৰীয় বৈঠকত মিলিত হ'ব মন্ত্ৰী গোট
author img

By

Published : Apr 9, 2020, 2:06 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ বৃহস্পতিবাৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলৰ এটি গোট । COVID-19ৰ পৰিপ্ৰেক্ষিততেই অনুষ্ঠিত হ'ব এই বৈঠক । লকডাউনৰ দ্বিতীয় সপ্তাহ সম্পৰ্কে প্ৰৰ্যালোচনা কৰা হ'ব বৈঠকত ।

ইয়াৰ পূৰ্বেও 31 মাৰ্চত মন্ত্ৰী মণ্ডলৰ এটা গোটে কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰী হৰ্ষ বৰ্ধনৰ নেতৃত্বত বৈঠকত মিলিত হৈছিল । তাত লক ডাউনৰ প্ৰথম সপ্তাহৰ পৰ্যালোচনা কৰা হৈছিল । প্ৰবজক শ্ৰমিকৰ বিষয়, মাস্ক, ভেন্টিলেটৰ, আন প্ৰয়োজনীয় সামগ্ৰী ইত্যাদি বিষয়ে এই বৈঠকত স্থান পাইছিল ।

বিগত 24 ঘণ্টাত ভাৰতত 540 টা নতুন COVID-19 পজিটিভ কেচ ধৰা পৰে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা আনুষ্ঠানিক তথ্যমতে ভাৰতত ,5734 টা কেচ আছে । ইয়াৰ ভিতৰত 472 জনে আৰোগ্য লাভ কৰিছে আৰু 166 জনৰ মৃত্যু হৈছে । বুধবাৰে 17 জন লোকৰ এই ৰোগত মৃত্যু হৈছিল । মহাৰাষ্ট্ৰত সৰ্বাধিক 72 জন লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.