নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ এইবাৰ কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় স্থল সেনাই প্ৰস্তুত কৰি উলিয়াইছে এটা মোবাইল এপ্লিকেশ্যন । অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ স্থল সেনাই ‘Covid-19 Helpline J&K’, নামেৰে প্ৰস্তুত কৰি উলিয়াইছে এটা ব্যৱহাৰৰ উপযোগী এপ ।
![ভাৰতীয় স্থলসেনা প্ৰমুখৰ সৈতে আৰ্মী মেডিকেল ক'ৰৰ বিষয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/96230735-5173-47d9-acbd-04b22f938f6b_1604newsroom_1587046220_983.jpg)
স্থানীয় লোকসকলক সহায় কৰিব পৰাকৈ এই এপটোৱে লোকেশ্যন আৰু চিকিৎসালয়ৰ ফোন নম্বৰ,নিয়ন্ত্ৰণ কক্ষ আৰু ৰেপিড ৰেছপন্স টীমৰ বিষয়ে জাননী প্ৰদান কৰিব । গুগল মেপৰ সহায় লৈ সংহতভাৱে এই এপটো প্ৰস্তুত কৰি উলিয়াইছে সেনাৰ অভিযন্তাসকলে। এই এপটোত জম্মু-কাশ্মীৰৰ ৰেড জ'ন অঞ্চলসমূহৰ জাননীৰ লগতে কোভিড-১৯ৰ বিৰুদ্ধে ল'বলগীয়া প্ৰতিকাৰমূলক ব্যৱস্থাসমূহৰ উল্লেখ থাকিব। এপটো ডাউনলোড কৰি মোবাইল নম্বৰৰ সহায়ত পঞ্জীয়নভুক্ত হৈ ইয়াক ব্যৱহাৰ কৰিব পৰা যাব বুলি স্থল সেনাই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, এই বিশেষ এপটো স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়তে মুকলি কৰি দিয়া হয়। আনহাতে কোভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ পুণে আৰু ছেকেন্দ্ৰাবাদত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা সেনাৰ এটা ৯০০জনীয়া দল বিশেষ ৰেলযোগে ইতিমধ্য়ে কাশ্মীৰ উপত্যকালৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়কঃ কোভিড-১৯ : আমেৰিকান নেভীৰ পিছত ইণ্ডিয়ান নেভীত কৰ'ণাৰ আক্ৰমণ