ETV Bharat / bharat

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, তিনিজন নিহত

author img

By

Published : Aug 21, 2019, 4:44 PM IST

উত্তৰাখণ্ডৰ বান-সাহাৰ্য অভিযানত নিয়োজিত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ হয় ৷ দুৰ্ঘটনাটোৰ ফলত হেলিকপ্টাৰখনত থকা তিনিগৰাকীকৈ লোক নিহত হয় ৷

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, তিনিজন নিহত

নিউজ ডেস্ক, 21 আগষ্টঃ উত্তৰাখণ্ডৰ বান-সাহাৰ্য অভিযানত নিয়োজিত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ হয় ৷ উত্তৰকাশী জিলাত অভিযান চলাই থকা হেলিকপ্টাৰখনে সাহাৰ্য বিতৰণ কৰি উভটি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় ৷ জিলাখনৰ মোল্ডিত সংঘটিত হোৱা দুৰ্ঘটনাটোত হেলিকপ্টাৰখনত থকা তিনিওগৰাকী লোকেই নিহত হয় ৷ মোৰিৰ পৰা মোল্ডিলৈ বুলি সাহাৰ্য অভিযানৰ বাবে গৈছিল দুৰ্ঘটনাগ্ৰস্থ হেলিকপ্টাৰখন ৷

উৰণৰ পূৰ্বেই ৰখাই থোৱা অৱস্থাত দুৰ্ঘটনাগ্ৰস্থ হেলিকপ্টাৰখন
অভিশপ্ত হেলিকপ্টাৰখনৰ বিশেষ আলোকচিত্ৰ

ঘটনাস্থলীত আইটিবিপি আৰু এনডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ দুৰ্ঘটনাৰ পিচতে নিহতসকললৈ 15 লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে ৷

উল্লেখ্য যে, বিগত কিছুদিন ধৰি উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণ অব্যাহত আছে ৷ ৰাজ্যখনত হোৱা বৰষুণৰ ফলতে বহুঠাইত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বন্ধ হৈ পৰিছে চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৷ বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ উত্তৰকাশী জিলাত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা ৷ এনে পৰিস্থিতিতে সাহাৰ্য যোগান ধৰি উভটি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷

Intro:Body:

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, তিনিজন নিহত 

উত্তৰাখণ্ডৰ বান-সাহাৰ্য অভিযানত নিয়োজিত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ হয় ৷ দুৰ্ঘটনাটোৰ ফলত হেলিকপ্টাৰখনত থকা তিনিগৰাকীকৈ লোক নিহত হয় ৷ 

নিউজ ডেস্ক, 21 আগষ্টঃ উত্তৰাখণ্ডৰ বান-সাহাৰ্য অভিযানত নিয়োজিত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ হয় ৷ উত্তৰকাশী জিলাত অভিযান চলাই থকা হেলিকপ্টাৰখনে সাহাৰ্য বিতৰণ কৰি উভটি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় ৷ জিলাখনৰ মোল্ডিত সংঘটিত হোৱা দুৰ্ঘটনাটোত হেলিকপ্টাৰখনত থকা তিনিওগৰাকী লোকেই নিহত হয় ৷  মোৰিৰ পৰা মোল্ডিলৈ বুলি সাহাৰ্য অভিযানৰ বাবে গৈছিল দুৰ্ঘটনাগ্ৰস্থ হেলিকপ্টাৰখন ৷ 

ঘটনাস্থলীত আইটিবিপি আৰু এনডিআৰএফ বাহিনীৰ লোক উপস্থিত হৈ নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ দুৰ্ঘটনাৰ পিচতে নিহতসকললৈ 15 লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.