নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : সাধাৰণ জনতাক লক্ষ্য কৰি লৈ জম্মু কাশ্মীৰৰ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত গধুৰ টোপৰ আক্ৰমণ অধিক পৰিমাণে বৃদ্ধি কৰিছে পাকিস্তানে । ডেৰাডুনস্থিত আইএমএৰ পাছিঙ আউট পেৰেডত অংশগ্ৰহণ কৰিি এই কথাা জানিবলৈ দিয়ে ভাৰতীয় স্থল সেনাৰ উপ-সেনাধ্যক্ষ লেফ. জেন. সতিন্দৰ কুমাৰ সৈনীয়ে ।
বিগত সময়চোৱাৰ ভিতৰত এইবাৰ পাকিস্তানে অধিক পৰিমাণে যুদ্ধ বিৰতি চুক্তি উলংঘন কৰিছে আৰু ইয়াৰ ফলত ভাৰতীয় সীমান্তৰ অসামৰিক লোকসকল মূলতঃ ক্ষতিগ্ৰস্ত হৈছে । অৱশ্যে ভাৰতীয় স্থল সেনাই পাকিস্তানৰ এই কাৰ্যৰ উচিত প্ৰত্যুত্তৰ দিয়াটোও লগতে নিশ্চিত কৰে শীৰ্ষ স্থলসেনা বিষয়াগৰাকীয়ে ।
আনহাতে চীনৰ সৈতে চলি থকা সীমা বিবাদ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় লেফ. জেন. সৈনীয়ে । সীমান্তৰ বিবাদ সমাধান কৰিবলৈ দুয়োপক্ষৰ মাজত সামৰিক আৰু আমোলাতান্ত্ৰিক বৈঠক অব্যাহত আছে বুলি জনায় তেওঁ ।
ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ বিৰুদ্ধে উত্থাপন হোৱা নিৰ্মাণ কাৰ্যৰ খবৰ পোনচাটেই নসাৎ কৰে শীৰ্ষ স্থলসেনা বিষয়াগৰাকীয়ে । ভাৰতীয় সীমান্তৰ ভিতৰত চীনে কোনো নিৰ্মাণ কাৰ্য সমাপ্ত কৰা নাই, যি কৰিছে সেয়া চীনৰ ভিতৰত আছে । এই বিবাদ দশকযুৰি চলি আছে আৰু ইয়াক লৈ আমাৰ চিন্তাৰ কাৰণ নাই ।
কোভিড-১৯ৰ মাজত ভাৰতীয় সামৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহে সম্পূৰ্ণ নীতি নিৰ্দেশনা পালন কৰি সৈনিক প্ৰশিক্ষণক অগ্ৰাধিকাৰ দি আহিছে বুলি জনায় স্থল সেনাৰ উপ-সেনাধ্যক্ষ গৰাকীয়ে ।