ETV Bharat / bharat

ঘৰতে আইছ'লেছন হৈ থকা লোকৰ বাবে স্বাস্থ্য বিভাগৰ দিক নিৰ্দেশনা জাৰি - ৰোগীৰ প্ৰতি নিৰ্দেশনা

যি সকল লোকে ঘৰতে নিজকে সুকীয়াকৈ ৰাখিছে বা ৰাখিব বিচাৰিছে তেওঁলোকৰ বাবে বিতংকৈ দিক নিৰ্দেশনা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ বিভাগে ।

ঘৰতে আইছ'লেছন  হৈ থকা লোকৰ বাবে স্বাস্থ্য বিভাগৰ দিক নিৰ্দেশনা জাৰি
ঘৰতে আইছ'লেছন হৈ থকা লোকৰ বাবে স্বাস্থ্য বিভাগৰ দিক নিৰ্দেশনা জাৰি
author img

By

Published : Apr 29, 2020, 8:48 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ COVID-19 ৰ লক্ষণে দেখা দিয়াৰ পাচত যি সকল লোকে ঘৰতে নিজকে সুকীয়াকৈ ৰাখিছে তেওঁলোকৰ বাবে বিতংকৈ দিক নিৰ্দেশনা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ বিভাগে ।

এই সম্পৰ্কে প্ৰথমখন দিক নিৰ্দেশনা প্ৰকাশ কৰিছিল 7 এপ্ৰিলত ।

হ'ম আইছ'লেছনৰ বাবে যোগ্যতাঃ

  • চিকিৎসকৰ দ্বাৰা লোকজনৰ লক্ষণ বা ৰোগ অত্যন্ত কম পৰিমাণৰ বুলি প্ৰকাশ কৰিব লাগিব ।
  • লোকজনৰ ঘৰত নিজাকে সুকীয়াকৈ ৰাখিব পৰা আৰু পৰিয়ালৰ পৰা দূৰৈত থকাৰ ব্যৱস্থা থাকিব লাগিব ।
  • 24x7 যত্ন ল'ব পৰাকৈ কোনো লোক থাকিব লাগিব আৰু প্ৰয়োজনত হাস্পতালৰ লগত সংযোগ কৰাব লাগিব ।
  • যত্ন লোৱা লোক আৰু তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ লোকে প্ৰয়োজনত Hydroxychloroquine গ্ৰহণ কৰিব পাৰিব ।
  • আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিব লাগিব ।
  • জিলা স্বাস্থ্য বিষয়াক ৰোগীজনৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগিব ।

কেতিয়া ডাক্তৰৰ কাষ চাপিব

  • উশাহ লোৱাত কষ্ট পালে
  • বুকুত বিষ অনুভৱ হলে
  • মানসিকভাৱে দোমোজাত থাকিলে
  • ওঠ আৰু মুখত নীলা ৰঙৰ দৰে প্ৰলেপ পৰিলে
  • স্বাস্থ্য বিষয়াই পৰামৰ্শ দিলে

স্বাস্থ্য বিষয়া বা চিকিৎসকে ৰোগীজনক সুস্থ বুলি প্ৰমাণ পত্ৰ দিলে তেওঁ হ'ম আইছ'লেছনৰ পৰা মুক্ত হ'ব ।

যত্ন লোৱা লোক জনে কি কৰিবঃ

  • যেতিয়া ৰোগীৰ কোঠাত যাব তিনি তৰপীয়া মাস্ক পৰিধান কৰিব
  • মাস্কৰ সমুখৰ অংশ চুব নোৱাৰিব
  • মাস্ক লেতেৰা হ'লে শীঘ্ৰেই সলনি কৰিব
  • মাস্ক খুলি হাত ভালদৰে ধুব
  • নিজৰ মুখ -নাক চুব নোৱাৰিব
  • হাত পৰিষ্কাৰকৈ ৰাখিব
  • খোৱাৰ পূৰ্বে ভালদৰে হাত ধুই ল'ব
  • চাবোনেৰে হাত ধুব 40 চেকেণ্ড সময়
  • এলকহল যুক্ত হাতমোজা পিন্ধিব পাৰে
  • হাত ধুই পৰিষ্কাৰ কাপোৰেৰে হাতখন মুচিব
  • ৰোগীৰ সৈতে পত্যক্ষ সংস্পৰ্শত নাহিব
  • ৰোগীক চুব লাগিলে গ্লভছ পিন্ধিব
  • গ্লভছ ভালদৰে খুলিব আৰু লগে লগে হাত ধুই লব
  • ৰোগী জনক নিজৰ কোঠাত খাদ্য যোগান ধৰিব
  • ৰোগীক কোঠা, কাপোৰ পৰিস্কাৰ কৰিলে তিনি তৰপীয়া মাস্ক আৰু গ্লভছ পিন্ধিব
  • ৰোগীয়ে নিয়ম মতে দৰব খাইছে নে নাই চাব
  • কোনো লক্ষণে দেখা দিলেই চিকিৎসকক অৱগত কৰিব

ৰোগীৰ প্ৰতি নিৰ্দেশনা

  • অহৰহ তিনি তৰপীয়া মাস্ক লগাব লাগিব
  • 8 ঘন্টাৰ মূৰে মূৰে সেইখন সলাব
  • 1 শতাংশ ছ'ডিয়াম ক্লৰক্সাইডেৰে পৰিস্কাৰ কৰিহে মাস্ক খুলিব
  • ৰোগী জন পৰিয়ালৰ পৰা আঁতৰি নিৰ্দিষ্ট কোঠাত থাকিব
  • যথেষ্ট জিৰণি ল'ব আৰু পানী খাব
  • সকলো সময়তে নিয়মবোৰ মানি চলিব
  • নিয়মিতভাবে স্বাস্থ্য বিষয়াক খবৰ দি থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.