নিউজ ডেস্ক,27 জানুৱাৰী: বুধবাৰে কেন্দ্ৰ তথা মহাৰাষ্ট্ৰ চৰকাৰক কেব এগ্ৰিগেটৰ UBERৰ ম’বাইল এপ্লিকেশ্যনৰ স্বচ্ছতাৰ অভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি দাখিল কৰা এক আবেদনৰ প্ৰতিক্ৰিয়া বিচাৰিছে বোম্বে উচ্চ ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ দীপাংকৰ দত্ত আৰু অধিৱক্তা জি.এছ কুলকৰ্ণীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে ৷
উল্লেখ্য যে, UBERৰ ম’বাইল এপ্লিকেশ্যনত কোম্পানীটোৱে কোনো ধৰণৰ যোগাযোগৰ ঠিকনা প্ৰদান কৰা নাই য’ত ব্যৱহাৰকাৰীয়ে নিজৰ অভিযোগ দাখিল কৰিব পাৰে ৷ এই সন্দৰ্ভতে অধিৱক্তা শবীণা ক্ৰেষ্ট’ৱে বোম্বে উচ্চ ন্যায়ালয়ত দখিল কৰিছিল আবেদন ৷
এই আবেদনখনত উল্লেখ কৰা হৈছে যে, UBERৰ ম’বাইল এপ্লিকেশ্যন ব্যৱহাৰকাৰীয়ে অভিযোগ দাখিল কৰাৰ ক্ষেত্ৰত UBER এপত কেৱল বিকল্পসমূহৰ এখন তালিকাহে লাভ কৰা যায় যাক গ্ৰাহকে নিজে বাছি ল’ব লাগে ৷ এই অভিযোগৰ শুনানিত বিচাৰপীঠে কয় যে, অভিযোগকাৰীয়ে এটি গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছে আৰু এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লাগে ৷ আনহাতে, এই অভিযোগৰ পৰৱৰ্তী শুনানি অহা 10 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ’ব ৷
লগতে পঢ়ক-ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা 22 কৃষকৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু