ETV Bharat / bharat

আজি বিৰল ৰূপত জোনবাই! শংকিত আমেৰিকাবাসী

আজি এক বিৰল ৰূপত প্ৰত্যক্ষ কৰিব পাৰিব জোনবাইক ৷ সম্পূৰ্ণ13 বছৰৰ পাচত আজি দেখা পোৱা যাব দুৰ্লভ পূৰ্ণ চন্দ্ৰ ৷ জোনবাইৰ  এই বিশেষ ৰূপটোক 'ফুল হাৰ্ভেস্ট মুন' নামেও জনাজাত ৷

author img

By

Published : Sep 13, 2019, 10:51 AM IST

Updated : Sep 13, 2019, 11:13 AM IST

13 বছৰ পিচত আজি দেখা পোৱা যাব ‘হাৰ্ভেস্ট মুন’

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰঃ আজি এক বিৰল ৰূপত প্ৰত্যক্ষ কৰিব পাৰিব জোনবাইক ৷ সম্পূৰ্ণ13 বছৰৰ পাচত দেখা পোৱা যাব দুৰ্লভ পূৰ্ণ চন্দ্ৰ ৷ জোনবাইৰ এই বিশেষ ৰূপটোক 'ফুল হাৰ্ভেস্ট মুন' নামেও জনাজাত ৷ সচৰাচৰ সূৰ্যাস্ত হোৱাৰ প্ৰায় 50 মিনিট পাচত জোনবাইক প্ৰত্যক্ষ কৰিব পাৰি ৷ কিন্তু এই বিশেষ দিনটোত সূৰ্যাস্ত হোৱাৰ পাঁচ মিনিটৰ পাচতেই পূৱ দিশত প্ৰত্যক্ষ হ’ব জোনবাই ৷ 'দ্য ৱাছিংটন প’ষ্ট'ত প্ৰকাশিত হৈছে যে, সন্ধিয়া 7.31 মিনিট দেখা পোৱা যাব এই দুৰ্লভ জোনবাই ৷ ইপিনে নাছাৰ বিজ্ঞানী সকলৰ মতে সৰ্বসাধাৰণে এই দৃশ্য চাবলৈ পাৰিব ৷ আনহাতে কোনো কোনো ঠাইত লোকপ্ৰৱাদ অনুসৰি, ইয়াক ভয়াৱহ বুলিও কব খোজে ৷

কি এই ‘হাৰ্ভেস্ট মুন' ...

  • পোন প্ৰথমবাৰৰ বাবে হাৰ্ভেস্ট মুন নামেৰে নামাকৰণ কৰিছিল নেটিভ আমেৰিকাই ৷ এই দিনটোত আন দিনতকৈ জোনবাইটো অধিক উজ্জ্বল হৈ উঠাৰ লগতে অতি সোনকালে দেখা পোৱা যায় ৷ গ্ৰীষ্মকালত জোনবাইটোৱে শস্য কটাত সহায় কৰে যাৰ বাবে পশ্চিম দিশত ইয়াক 'ফুল হাৰ্ভেস্ট মুন' বুলিও কোৱা হয় ৷ ইয়াৰ লগতে কিছু কিছু ঠাইত ইয়াক 'কৰ্ণ মুন' বুলিও কোৱা হয় কাৰণ এই সময়ত কৃষক সকলে মাকৈ খেতি কৰে ৷
  • আন দিনৰ তুলনাত আকাৰত সৰু হয় ৷ কাৰণ এই দিনটোত নিজৰ কক্ষপথৰ বহু দূৰত অৱস্থান কৰে জোনবাইটোৱে ৷ মাইক্ৰ মুন আৰু ছুপাৰ মুনৰ তুলনাত 14 শতাংশ সৰু আৰু 30 শতাংশ উজ্জ্বল দেখা পোৱা যাব জোনবাইটোক ৷ ইয়াৰ পূৰ্বে 2006 চনৰ জানুৱাৰী মাহত দেখা পোৱা গৈছিল সম্পূৰ্ণ জোনবাই ৷ 13 বছৰ পিচত পুনৰ 2033 চনত দেখা পোৱা যাব ফুল মুন ৷ কিন্তু 'হাৰ্ভেস্ট মুন'ৰ ক্ষেত্ৰত অনুমান কৰা হৈছে যে দ্বিতীয়বাৰৰ বাবে দেখা পোৱা যাব 2049 চনৰ 13 আগষ্টত ৷
  • 'Stress Management Center and Phobia Institute' ৰ মতে এই হাৰ্ভেস্ট মুনকলৈ আমেৰিকাবাসী শংকিত হৈ পৰে ৷ ইতিহাসত এই দিনটোক অতি ভয়াৱহ বুলি উল্লেখ কৰিছে ৷ সেয়েহে বহু আমেৰিকাৰ নাগৰিকে এই দিনটোত বেপাৰ-বাণিজ্য, বিমান যাত্ৰা আদি কাম কৰাৰ পৰা বিৰত থাকে ৷ যাৰ বাবে সমগ্ৰ বিশ্বত এই দিনটোত প্ৰায় 800-900 মিলিয়ন ডলাৰৰ বেপাৰ-বাণিজ্যত লোকচান দেখা পোৱা যায় ৷ কিন্তু বিজ্ঞানীৰ মতে এয়া এক ভৌগোলিক পৰিঘটনা ৷

SPECIAL- OTHERS
Last Updated : Sep 13, 2019, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.