ETV Bharat / bharat

তেলেংগানাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ আধাজ্বলা মহিলাৰ মৃতদেহ

তেলেংগানা আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰে এগৰাকী অচিনাক্ত মহিলাৰ আধাজ্বলা মৃতদেহ । বিকাৰাবাদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ১৬৩ সমীপত উদ্ধাৰ মহিলা গৰাকীৰ মৃতদেহ । ঘটনা সন্দৰ্ভত আইপিচি ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

তেলেংগানা
তেলেংগানা
author img

By

Published : Jul 28, 2020, 4:14 PM IST

নিউজ ডেস্ক,২৮ জুলাইঃ তেলেংগানাৰ বিকাৰাবাদ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ ১৬৩ৰ সমীপৰ পথাৰৰ মাজত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ আধা জ্বলা মৃতদেহ । আৰক্ষীৰ ভাষ্য অনুসৰি,বিকাৰাবাদ জিলাৰ পুদুৰ অঞ্চলৰ সোমংগুৰ্তি গাঁৱৰ সমীপত প্ৰায় ৩৫ৰ পৰা ৪০ বয়সৰ ভিতৰত এজন মহিলাক জ্বলাই দিয়ে বুলি আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত স্কোয়াড টীমৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।

তেলেংগানা
তেলেংগানাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ আধাজ্বলা মহিলাৰ মৃতদেহ

আনহাতে,মৃতদেহ লাভ কৰা মহিলা গৰাকীক প্ৰথমে লাঠীৰে প্ৰহাৰ কৰাৰ পাচত শিলেৰে আক্ৰমণ কৰি হত্যা কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আৰু তাৰ পাচতে মহিলা গৰাকীক যাতে কোনো লোকে চিনাক্ত কৰিব নোৱাৰে তাৰ বাবে পাচত জ্বলাই দিয়ে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

আনহাতে,মহিলা গৰাকীৰ মৃতদেহৰ ওচৰত এটা সুৰাৰ বটল,এটা পানীৰ বটল আৰু এটা প্লাষ্টিকৰ গিলাছ উদ্ধাৰ কৰে ।

লগতে চাওকঃ গণপ্ৰহাৰত মৃত্যু হোৱা তিনি সন্দেহজনক বাংলাদেশীক কৰিমগঞ্জত কবৰস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.