ETV Bharat / bharat

মুকলি স্থানত পিকোৱাৰ অভ্যাস সলাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে সকলো লোককে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ । ইয়াৰ লগতে কেতবোৰ বদ অভ্যাস ত্যাগ কৰাৰো আহ্বান জনায় মোডীয়ে ৷

মুকলি স্থানত পিকোৱাৰ অভ্যাস সলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jul 10, 2020, 12:49 AM IST

নিউজ ডেস্ক, 9 জুলাই : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ জনতাৰ কেতবোৰ অভ্যাস সলনি কৰিবলৈ আহ্বান জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

বাৰাণসী স্থিত এটা বেচৰকাৰী সংস্থা (NGO)ৰ সৈতে ভাৰ্চুৱেল বাৰ্তালাপত মোডীয়ে দেশবাসীক উদ্দেশ্যি মুকলি স্থানত পিকোৱাৰ অভ্যাস সলনি কৰাৰ বাবে আহ্বান জনায় ।

ভাৰত বিখ্যাত বাৰাণসী পাণৰ প্ৰসংগ উল্লেখ কৰিয়েই মোডীয়ে এই আহ্বান জনায় । আনহাতে কৰ'ণাৰ এই সংকটকালত সকলোৱে যাতে সামাজিক দূৰত্ব ৰক্ষা কৰি চলে আৰু স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনাবোৰ মানি চলে তাৰ প্ৰতিও দেশবাসীক আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়়ক : দিল্লীত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৭২ শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.