ETV Bharat / bharat

গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

author img

By

Published : Nov 20, 2020, 5:28 PM IST

Updated : Dec 2, 2020, 7:51 PM IST

কেইবামাহৰো মূৰত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতেই মেহবুবা মুফটিয়ে যি বিবৃতি প্ৰদান কৰিছিল সেই বিবৃতিতেই ৰাজনৈতিক স্খলনৰ উৎপত্তিৰ উমান পোৱা গৈছিল ৷ তেখেত কৈছিল যে,যেতিয়ালৈকে অনুচ্ছেদ ৩৭০ক পুনৰ বাহাল কৰা নহ’ব তেওঁ তেতিয়ালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিব আৰু কোনোধৰণৰ তিনিবৰণীয়া পতাকা উত্তোলনত ভাগ নলয় ৷ সম্ভৱতঃ ইয়াৰ বাবেই এন ডি এ চৰকাৰখনে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত তৃণমূল পৰ্যায়ত নিৰ্বাচন পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছিল ৷

গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে
গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

বিচ্ছিন্নতাবাদী,জনপ্ৰিয় অনুভূতি তথা সংবেদনশীলতা আৰু ভাৰতক সমৰ্থন কৰি কৰা ৰাজনীতিৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰা দেখা গৈছে আৰু এই পট পৰিৱৰ্তনত মূল ভূমিকা লৈছে বি জি পিৰ দাৰা অভিহিত ‘গুপকৰ গেঙে’ ৷ উল্লেখ্য যে ‘গুপকাৰ গেং’ হ’ল জন্মু-কাশ্মীৰৰ সকলো প্ৰধান ৰাজনৈতিক দলৰ এক ৰাজনৈতিক জোটবন্ধন ৷ ২০১৯ চনৰ ৫ আগষ্টত সংসদত জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ মুখ্য আঞ্চলিক দল সমূহ একত্ৰিত হৈ পিপুলছ এলায়েন্স অফ গুপকাৰ ডিক্লাৰেশ্যন (পি এজি ডি) গোটটো গঠন কৰে ৷

গুপকৰ মিত্ৰজোঁটৰ প্ৰমুখ দলকেইটাই ইয়াৰ পূৰ্ৱে তেতিয়াৰ জন্মু আৰু কাশ্মীৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত স্বতন্ত্ৰ দল হিচাপে প্ৰতিদন্দ্বিতা আগবঢ়োৱাৰ পাচত মিত্ৰজোট গঠন কৰিবলৈ তথা এন ডি এৰ অংশ হোৱাৰ উদ্দেশ্যে এটাৰ পিচত এটাকৈ বিজেপিৰ সৈতে হাত মিলাইছিল ৷

আব্দুল্লাৰ ‘দ্য নেশ্বনেল কন্‌ফাৰেঞ্চ’ হৈছে বাজপেয়ীৰ কাৰ্যকালত এন ডি এৰ অংশীদাৰ হ’বলৈ বি জি পিৰে মিত্ৰতা গঢ়া অঞ্চলটোৰ প্ৰথমটো দল আৰু ইয়াৰ পাচত মুফ্‌টিৰ পি ডি পিয়ে জন্মু কাশ্মীৰত চৰকাৰ গঠন কৰিবলৈ মোদী নেতৃত্বাধীন এন ডি এৰ সৈতে মিত্ৰতা গঢ়িছিল ৷ এন চি আৰু পিডিপি উভয়েই উভয়ক নিৰ্বাচনত পৰাস্ত কৰিবলৈ এসময়ত বিজেপিৰ শৰণাপন্ন হৈছিল কিন্তু এতিয়া দুয়োটা দলেই অস্তিত্ব ৰক্ষাৰ বাবে বিজেপিৰ বিৰুদ্ধেই ঐক্যবদ্ধ হৈছিল ৷

কাশ্মীৰৰ দহখন জিলা তথা অঞ্চলটোৰ মূখ্য বিবাবিদ এলেকাতে এই দলৰ প্ৰধান বিধানসভাৰ আসন নাথাকিলেও দলটোৱে ভূতপূৰ্ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত নিজৰ উপস্থিতি অনুভুত কৰাবলৈ বিজেপিয়ে গুপকাৰ গেঙকে ঘটক হিচাপে ব্যৱহাৰ কৰিছিল ৷ জম্মুৰ জনগণই বিজেপি তথা আন আন ৰাজনৈতিক শক্তিসমূহৰ সৈতে যিকোনো প্ৰকাৰে নিৰপেক্ষ স্থিতিত থকাৰ বাবে চেষ্টা চলাই আহিছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে কৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ মূহুৰ্তলৈকে জম্মু আৰু কাশ্মীৰ অঞ্চলটোৰ পৰা বিশেষ মৰ্যদা আজুৰি অনা আৰু পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক নেতৃত্বক কাৰাবন্দী কৰাৰ পাচতো ৰাজনৈতিক ক্ষেত্ৰখনত বি জে পিৰ পক্ষে সকলো ঠিকে ঠাকে আছিল ৷ বিজেপিৰ নীৰৱ কৰ্মী ৰাজ্যপাল মনোজ সিনহাৰ নিৰ্দেশত চৰকাৰৰ ইচ্ছানুসাৰেই সকলো চলি আছিল ৷ সিনহাই সম্পূৰ্ণ নকৰা একমাত্ৰ কামটো আছিল অনুচ্ছেদ ৩৭০ বাতিলৰ পাচত অৰ্থাৎ ৫ আগষ্টৰ সিদ্ধান্তৰ পাচত জম্মু কাশ্মীৰত স্থবিৰ হৈ পৰা ৰাজনৈতকি প্ৰক্ৰিয়াটোক সচল কৰিবলৈ এটা ৰাজনৈতিক প্ৰক্ৰিয়াৰ আৰম্ভ কৰিব নোৱাৰাটো ৷

সিনহাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ মুল উদ্দেশ্য আছিল সেই অঞ্চলৰ ৰাজনৈতিক কাৰ্য কলাপৰ পুনৰ আৰম্ভণি কৰা ৷ ওমৰ আব্দুল্লা আৰু তেখেতৰ পিতৃ ফাৰুক আব্দুল্লাহক কাৰাগাৰৰ পৰা মুক্তি দিয়া কাৰ্যই জনসাধাৰণৰ মাজত কিছুমান সাধাৰণ দাবী যেনে ফ’ৰ জি পুনৰ মুকলি কৰা ইত্যাদিৰ দৰে দাবীবোৰৰ বাদে আন কোনো বিশেষ ধৰণেৰে প্ৰভাৱ পেলাব নোৱাৰিলে ৷

আব্দুল্লা পিতা-পুত্ৰৰ যুটিৰ প্ৰত্যাহ্বানক বাধা দিয়াত মনোজ সিনহা সফল হোৱা কাৰ্যই দিল্লীৰ শীৰ্ষ নেতৃত্বক যথেষ্টভাৱে উৎসাহিত কৰে আৰু জন্মু আৰু কাশ্মীৰকলৈ নকৈ গঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সম্পৰ্কত কিছুমান প্ৰমূখ সাংবিধানিক সংশোধনী কৰিবলৈ উদগণি দিয়ে ৷

প্ৰকৃততে কোনটো ঘটনাই স্বতঃস্ফূৰ্তভাৱে অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু যাৰ ফলশ্ৰুতিত অমিত শ্বাহ,জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি সম্বিত পাত্ৰ পৰ্যন্ত বিজেপিৰ নেতা সকলক গুপকাৰ জোটৰ বিৰুদ্ধে একাধিক মক্তব্য দিবলৈ বাধ্য কৰাইছিল সেই বিষয়ে বি জে পিত থকা কিছুমান ভ্ৰান্ত্ৰ ধাৰণা পোহৰলৈ অহাটো প্ৰয়োজন আছে ৷

কেইবামাহৰো মূৰত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতেই মেহবুবা মুফটিয়ে যি বিবৃতি প্ৰদান কৰিছিল সেই বিবৃতিতেই ৰাজনৈতিক স্খলনৰ উৎপত্তিৰ উমান পোৱা গৈছিল ৷ তেখেত কৈছিল যে,যেতিয়ালৈকে অনুচ্ছেদ ৩৭০ক পুনৰ বাহাল কৰা নহ’ব তেওঁ তেতিয়ালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিব আৰু কোনোধৰণৰ তিনিবৰণীয়া পতাকা উত্তোলনত ভাগ নলয় ৷ সম্ভৱতঃ ইয়াৰ বাবেই এন ডি এ চৰকাৰখনে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত তৃণমূল পৰ্যায়ত নিৰ্বাচন পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছিল ৷

বিজেপিয়ে হয়তো ধৰি লৈছিল যে আঞ্চলিক দল সমূহ নিৰ্বাচনৰ পৰা আতৰি থাকিব আৰ গ্ৰামাঞ্চল আৰু ব্লক পৰ্যায়ত বিজেপিৰ পক্ষে তেওঁলোকৰ প্ৰতিনিধি সকলৰ বাবে সম্পূৰ্ণৰূপে ঠাই এৰি দিব ৷ তেওঁলোকে ইতিমধ্যে এক সংশোধনীৰ মাধ্যমেৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিধানসভাক বিকল কৰি ডিডিচিক (জিলা উন্নয়ন কাউন্সিল) ক্ষমতা প্ৰদান কৰিছিল আৰু তেওঁলোকে ভাবিছিল যে এন চি আৰু পিডিপিৰ নেতৃত্ব কেৱল বিধানসভাৰ অংশ হিচাপেহে ভাগ ল'বলৈ বিচাৰিব ৷

অঞ্চলটোত অনাগত যিকোনো সময়তে হ’ব লগীয়া আসন্ন বিধানসভা নিৰ্বাচনত আঞ্চলিক দলসমূহৰ তুলনাত নিজৰ গণভিত্তি শক্তিশালী কৰি তুলিবলৈ বিজেপিয়ে সমগ্ৰ জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰে তৃণমূল পৰ্যায়ত তেওঁলোকৰ প্ৰাৰ্থী থিয় কৰাব ৷

বিজেপিয়ে পূৰ্ৱে ভৱাই নাছিল যে গুপকাৰ জোটবন্ধন অকস্মাতে আৱিৰ্ভাৱ হৈ যুটীয়াভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগ বঢ়োৱাৰ কথা ঘোষণা কৰিব আৰু এই ঘটনাই দলটোক হতচকিত কৰি তুলে ৷

গুপকাৰ জোটে কাৰ্যত মূলসূঁতিয়েই হওক নাইবা বিচ্ছিন্নতাবাদেই হওক নাইবা জনতাৰ মনোভাৱক আকৰ্ষিত কৰা খালি হৈ থকা সম্পূৰ্ণ স্থান টুকুৰা দখল কৰি পেলাইছে ৷ এইটো হুৰিয়েটৰ স্থান টুকুৰাও দখলকৰি পেলাইছে ৷

এইখিনিতে বিচ্ছিন্নতাবাদৰ কঠোৰ সমৰ্থক তথা হুৰিয়েটৰ অন্যতম প্ৰধান সমষ্টিৰ এটাৰ প্ৰমূখ মাছৰাট আলম ভাটৰ আসন্ন মুক্তিৰ কথাটোও বিবেচিত হৈছে ৷ ভাটৰ মুক্তিয়ে বিজেপি দলক কিদৰে লাভান্বিত কৰিব, আৰু কেনেধৰণে তেওঁলোকে তেখেতৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব তাকে লৈ এটা নিৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত আছে ৷

গুপকাৰ জোঁটৰ অভিপ্ৰায় সমূহৰ প্ৰতি জনমানসত এক নেতিবাচক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ ক্ষেত্ৰত যদি ভাট এক উপযুক্ত টোপ বুলি বিবেচিত হয় তেনেহ'লে তেওঁৰ মুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব ৷

যদিও কংগ্ৰেছে ইতিমধ্যে বিজেপিয়ে গুপকাৰ গোটৰ বিৰুদ্ধে কৰা প্ৰচাৰক দেশবিৰোধী বুলি অভিহিত কৰিছে আৰু গুপকৰ গোটৰ পৰা আতৰত অৱস্থান লৈছে ৷ কিন্তু আঞ্চলিক ৰাজনীতিৰ প্ৰধান হোতাসকল গুপকৰ গোটে আৰম্ভ কৰা খেলখনৰ দাৰা ব্যাপকভাৱে অনুপ্ৰাণিত হৈছে ৷ এনে পৰিস্থিতিত বি জে পিয়ে অঞ্চলটোত গুপকৰ গোটৰ বৰ্দ্ধিত প্ৰভাৱক কেনকৈ মষিমূৰ কৰিব সেই কথা গুৰুত্ব পূৰ্ণ হ’ব ৷

লেখক-বিল্লাল ভাট,ই টিভি ভাৰত

লগতে চাওকঃ অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

Last Updated : Dec 2, 2020, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.