নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ: ২০১৩ চনৰ পৰা ২০১৮ চনৰ ভিতৰত বায়ু পথেৰে ডুবাইৰ পৰা আহমেদাবাদলৈ প্ৰায় ২০০ কোটি টকা মূল্যৰ ৭৬১ কিলোগ্ৰাম সোণ সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন লোকক বুধবাৰে গ্ৰেপ্তাৰ কৰিছে ৷ এবছৰৰো অধিক সময় ধৰি পলাতক হৈ থকা অৱস্থাত ভাৰ্গৱ তাণ্টীক আহমেদাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পাঁচ বছৰৰ পৰা ১,৩০০ কোটি টকাৰ সোণ সৰবৰাহ কৰি থকা ভাৰ্গৱ তান্টীক 2019 চনত এক ৰেকেটৰ জৰিয়তে আটক কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে ৷
অৱশ্যে এই ৰেকেটত বহু কেইজন সৰবৰাহকাৰীক আটক কৰিছিল যদিও নিকোল অঞ্চলৰ বাসিন্দা তান্টী আৰু আন কেইবাজনো পলাই আছিল ৷ সীমা শুল্ক বিভাগে COFEPOSA (the Conservation of Foreign Exchange and Prevention of Smuggling Activities Act)ৰ অধীনত ৱাৰেণ্ট জাৰী কৰিছিল আৰু চহৰ আৰক্ষীক তাণ্টীক আটক কৰা নিৰ্দেশ দিছিল ৷ এক নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি, অপৰাধ শাখাৰ এটা দলে অমৰেলি জিলাৰ ইনোৰাগাঁৱৰ পৰা তান্টীক আটক কৰিছিল ৷ তান্টীয়ে ডুবাইৰ পৰা আহমেদাবাদলৈ ২০১৩ চনৰ পৰা ২০১৮ চনৰ ভিতৰত প্ৰায় ৪৬ বাৰ বিমান ভ্ৰমণ কৰিছিল ৷ এই পাঁচ বছৰৰ ভিতৰত ২০০ কোটি টকা মূল্যৰ ৭৬১ কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল আৰু লগতে এটা বিশেষ দলৰ অংশ হিচাপেও সেই পাঁচ বছৰত 1,300 কোটি টকা মূল্যৰ প্ৰায় 4,000 কেজি সোণ সৰবৰাহ কৰাৰ কথা উল্লেখ কৰিছে অপৰাধ শাখাই ৷
যোৱা জুন মাহত, ডুবাইৰ পৰা অনা ৮.২০ কোটি টকাল মূল্যৰ ২৪.৫ কেজি সোণ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখোতেই আহমেদাবাদ আন্তৰ্জাতিক বিমান বন্দৰত সীমা শুল্ক বিষয়াই দুজন লোকক আটক কৰিছিল ৷ তাৰে এজন অভিযুক্ত চৰ্দাৰ বল্লভ ভাই আন্তৰ্জাতিক বিমান বন্দৰত কৰ্মৰত গ্ৰাউণ্ড হাণ্ডলিঙৰ চুক্তি কৰ্মচাৰী আছিল ৷ আনহাতে আনজন আছিল ডুবাইৰ পৰা বিমানত আহি থকা এজন বাহক ৷
লগতে পঢ়ক: সিংঘু সীমান্তত আত্মহত্যা কৃষকৰ