ETV Bharat / bharat

হোৱাটছ এপৰ জৰিয়তে জাননী জাৰি কৰাৰ অনুমতি গুজৰাট উচ্চ ন্যায়ালয়ৰ - হোৱাটছ এপৰ জৰিয়তে জাননী জাৰি কৰাৰ অনুমতি গুজৰাট উচ্চ ন্যায়ালয়ৰ

হোৱাটছ এপৰ জৰিয়তে জাননী জাৰি কৰাৰ অনুমতি গুজৰাট উচ্চ ন্যায়ালয়ৰ ৷ প্ৰথমবাৰৰ বাবে আবেদন আৰু শপত গ্ৰহণ পত্ৰসমূহ অনলাইনৰ জৰিয়তে সম্পাদন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

হোৱাটছ এপৰ জৰিয়তে জাননী জাৰি কৰাৰ অনুমতি
গুজৰাট উচ্চ ন্যায়ালয়
author img

By

Published : Apr 26, 2020, 12:11 AM IST

নেশ্যনেল ডেস্ক, 25 এপ্ৰিল : গুজৰাট উচ্চ ন্যায়ালয়ে হোৱাটছ এপৰ জৰিয়তে আদালতৰ জাননী প্ৰেৰণ কৰিবলৈ সন্মতি প্ৰদান কৰিছে ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত ঘৰৰ পৰা ওলোৱাতো জটিল বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷

ইয়াৰোপৰি, উচ্চ ন্যায়ালয়খনে প্ৰথমবাৰৰ বাবে আবেদন আৰু শপত গ্ৰহণ পত্ৰসমূহ অনলাইনৰ জৰিয়তে সম্পাদন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

তথ্য অনুসৰি, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেই বহু সংখ্যক গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছে ৷ ঠিকাদাৰ জয়েশ বাভৰাভাৰ গোচৰৰ শুনানি এনেদৰেই গ্ৰহণ কৰা হয় ৷ নিম্ন আদালতে তেওঁৰ জামিনৰ আবেদন নাকচ কৰাৰ পাচতে ঠিকাদাৰজনে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ ন্যায়াধীশ কোগৰাজে এই সম্পৰ্কত জাননী জাৰি কৰে আৰু আবেদনকাৰী হোৱাটছ এপৰ জৰিয়তে জাননীৰ কাম নিস্পত্তি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.