ETV Bharat / bharat

গুজৰাট ATS ৰ জালত 2006 আহমেদাবাদ বোমা বিস্ফোৰণৰ অপৰাধী - Abdul Raza Gazi

পাকিস্তানৰ ISI ৰ নিৰ্দেশ অনুসৰি গাজীয়ে 2008 চনত বাংগালোৰ বিস্ফোৰণৰ সৈতে জৰিত অপৰাধীকো বাংলাদেশ সীমান্ত পাৰ কৰোৱাত সহায় কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ATS য়ে ৷ উল্লেখ্য যে, 2006 চনৰ 19 ফেব্ৰুৱাৰীত আহমেদাবাদৰ কলুপুৰ ৰে'ল ষ্টেচনত হোৱা বোমা বিস্ফোৰণত 10 জনতকৈ অধিক লোক আহত হৈছিল ৷

Gujarat
Gujarat
author img

By

Published : Aug 21, 2020, 1:40 PM IST

নিউজ ডেস্ক, 21 আগষ্টঃ 2006 চনত আহমেদাবাদত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জৰিত এজন অপৰাধীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে Gujarat Anti-Terrorism Squad য়ে ৷ অপৰাধীজন Lashkar-e-Taiba ৰ সংগঠনৰ আব্দুল ৰজা গাজী বুলি জানিব পৰা গৈছে ৷ বিগত 14 বছৰে পলাতক অৱস্থাত আছিল অপৰাধীজন ৷

গুজৰাট ATS ৰ জালত 2006 আহমেদাবাদ বোমা বিস্ফোৰণৰ অপৰাধী

শুকুৰাবাৰে গুজৰাট ATS ৰ আৰক্ষী অধীক্ষক ইমতিয়াজ শ্বেখে এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে, Gujarat Anti-Terrorism Squad য়ে অপৰাধীজনক পশ্চিমবংগৰ বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ কৰে ৷ অপৰাধীজন লস্কৰ গোটৰ সৈতে জৰিত থকাৰ লগতে আব্দুল ৰজা গাজীয়ে বহু অপৰাধীক আশ্ৰয় দিয়া বুলিও সংবাদমেলত অৱগত কৰে ৷ ইয়াৰোপৰি 2006 ত কালুপুৰ ৰে'লৱে ষ্টেচনত সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডত জৰিত দুই অপৰাধী তথা Lashkar-e-Taiba ৰ সঞ্চালক জুল্ফীকাৰ কাগজী আৰু অবু জুংদালকো গাজীয়ে আশ্ৰয় দিছিল ৷ উক্ত বোমা বিস্ফোৰণত বহু লোক আঘাতপ্ৰাপ্ত হৈছিল ৷

উল্লেখ্য যে, উক্ত বোমা বিস্ফোৰণত কাগজী,অবু জুংদাল,গাজী, চিমী আৰু লস্কৰৰ অন্য সদস্য জৰিত থকাৰ অভিযোগ কৰে ATS য়ে ৷ বিস্ফোৰণৰ পাছতে কাগজী আৰু অবু জুংদালক গাজীয়ে আশ্ৰয় দিয়াৰ লগতে দুই অপৰাধীক বাংলাদেশ সীমান্ত পাৰ কৰোৱাই ৷ পৰৱৰ্তী সময়ত দুয়ো বাংলাদেশৰ পৰা পাকিস্তানলৈ পলাই যায় ৷

পাকিস্তানৰ ISI ৰ নিৰ্দেশ অনুসৰি গাজীয়ে 2008 চনত বাংগালোৰ বিস্ফোৰণৰ সৈতে জৰিত অপৰাধীকো বাংলাদেশ সীমান্ত পাৰ কৰোৱাত সহায় কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ATS য়ে ৷ উল্লেখ্য যে, 2006 চনৰ 19 ফেব্ৰুৱাৰীত আহমেদাবাদৰ কলুপুৰ ৰে'ল ষ্টেচনত হোৱা বোমা বিস্ফোৰণত 10 জনতকৈ অধিক লোক আহত হৈছিল ৷

লগতে পঢ়কঃ নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.