গুৱাহাটী, 28 মেঃ দেশমাতৃৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত ছয়গৰাকী বিষয়াক প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ পদক ৷ বাহিনীটোৰ ক্ষেত্ৰীয় কাৰ্যালয়, গুৱাহাটীত কৰ্মৰত হৈ থকা ছয়গৰাকী বিষয়াক মঙলবাৰে প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক ৷
এই উপলক্ষ্যে নমাইলস্থিত বাহিনীটোৰ উত্তৰ-পূব ক্ষেত্ৰীয় কাৰ্যালয়ত মঙলবাৰে দিনৰ ভাগত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী ৷ বাহিনীটোৰ উত্তৰ-পূব মণ্ডলৰ দায়িত্বত থকা আৰক্ষী মহানিৰ্দেশক প্ৰকাশ ডিয়ে ৰাষ্ট্ৰপতিৰ হৈ পদকসমূহ প্ৰদান কৰে ৷
অধিক পঢ়কঃ প্ৰধানমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানঃ এছ পি জিৰ হাতত সুৰক্ষাৰ জিম্মা
পদক লাভ কৰিবলৈ সক্ষম হোৱা চি আৰ পি বিষয়াকেইগৰাকী হৈছে, কামাণ্ডেন্ট সত্যৰঞ্জন বেহুৰা আৰু বি চি দলবেহেৰা, নিৰীক্ষক/জিডি ৰামপ্ৰমোদ সিং, চৰিত্ৰ নাৰায়ন কলিতা, উপ নিৰীক্ষক/জিডি এম এম ভৰদ্বাজ, নিৰ্মল দাস ৷