নিউজ ডেস্ক, ৫ জুলাইঃ সমগ্ৰ দেশতে একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কোভিড-১৯য়ে । অধিকসংখ্যক ৰাজ্যতে প্ৰায় প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা । একে সময়তেই ওড়িষাত কোভিড-১৯ৰ নিয়মাৱলী উলংঘন কৰি গ্ৰেপ্তাৰ হ'ল দৰাসহ পাঁচজন লোক ।
ৰাজ্যখনৰ গুঞ্জম জিলাত বিবাহ অনুস্থানত কোভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতা মানি নচলাৰ বাবে দৰা, দৰাৰ পিতৃ, ভাতৃসহ মুঠ ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে ওড়িষা আৰক্ষীয়ে। উল্লেখ্য যে, গুঞ্জম জিলাখন কোভিড-১৯ৰ হ'টস্পট হিচাপে ঘোষণা কৰা হৈছিল ।
ইয়াৰোপৰি জিলা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে ৫০,০০০ টকাৰ জৰিমনা বিহাৰ লগতে দৰা আৰু কইনা দুয়োটা পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । তদুপৰি, বিবাহ অনুষ্ঠানলৈ যোৱা আলহীৰ লোকসকলকো কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰে। গুঞ্জম জিলাৰ কালেক্টৰ ভি.এ. কুলংগে প্ৰকাশ কৰে এই কথা ।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিবাহ অনুষ্ঠানৰ ভিডিঅ'ৰ পৰা এই ঘটনা পোহৰলৈ আহে । ভিডিঅ' অনুসৰি বিবাহ অনুষ্ঠানলৈ অহা আলহীসকলে মাস্ক পৰিধান নকৰাকৈ একেলগে নৃত্য কৰি থকা দেখা গৈছিল । ৰাজ্য চৰকাৰৰ নিয়মাৱলী অনুসৰি এখন বিবাহ অনুষ্ঠানত কেৱল ৫০ গৰাকী উপস্থিত থাকিব পাৰে। লগতে, সামাজিক দুৰত্ব মানি চলাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছিল ।
এই ঘটনাক লৈ ওড়িষাৰ মুখ্যমন্ত্ৰীয়ে টুইটযোগে কয় যে, "ৰাজ্যবাসীয়ে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা সকলো নিৰ্দেশনা আৰু আইন কানুন মানি চলাটো অন্তন্য জৰুৰী । কোনো লোকে এই নিয়ম উলংঘন কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"
ইয়াৰ উপৰি, গুঞ্জম জিলাখন কোভিড-১৯ৰ হ'টস্পট হিচাপে চিনাক্ত হোৱা হেতুকে গাঁও অঞ্চলৰ লোকসকলৰ চহৰলৈ আহ-যা বন্ধ কৰি দিছে জিলা প্ৰশাসনে। উল্লেখ্য যে, বৰ্তমানলৈকে জিলাখনত ২,০৬৬ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে ২০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ভিতৰতে গুঞ্জম জিলাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত ।
লগতে পঢ়ক : কানপুৰ এনকাউণ্টাৰঃ জব্দ কৰিব মূল অভিযুক্ত বিকাশ ডুবেৰ অবৈধ সম্পত্তি