ETV Bharat / bharat

বেতন সম্পৰ্কীয় অভিযোগ, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুৰ্দশা সমাধান কৰিবলৈ 20 টা নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা - ফোন নম্বৰ, হোৱাটছ এপ আৰু ই-মেইলৰ সুবিধা

বেতন সম্পৰ্কীয় অভিযোগ, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুৰ্দশা সমাধান কৰিবলৈ 20 টা নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা ৷ ফোন নম্বৰ, হোৱাটছ এপ আৰু ই-মেইলৰ জৰিয়তে সংযোগ স্থাপন কৰিব পৰা যাব ৷

বেতন সম্পৰ্কীয় অভিযোগ, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দূৰ্দশা
20 নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা
author img

By

Published : Apr 14, 2020, 6:46 PM IST

নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : মঙলবাৰে শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে জানিবলৈ দিয়ে যে, বেতন সম্পৰ্কীয় অভিযোগ, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুৰ্দশা আদি সমাধান কৰিবলৈ চৰকাৰে 20 টাকৈ নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 3 মে'লৈ বৃদ্ধি কৰিলে ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়সীমা ৷ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অঞ্চলত 20 এপ্ৰিলৰ পৰা লকডাউন শিথিল কৰা হ'ব বুলিও জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

লকডাউনৰ ফলত বাৰুকৈয়ে প্ৰভাৱিত লোকৰ ভিতৰত অন্যতম হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কিয়নো অধিকাংশই চাকৰি হেৰুওৱাৰ লগতে বহুসংখ্যকৰ বেতন কৰ্তন কৰা হৈছে ৷

আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ মতে, লকডাউনৰ ফলত ভাৰতত 40 কোটি এনে শ্ৰমিকে দাৰিদ্ৰতাত ভুগিব লগা হ'ব ৷

Chief Labour Commissioner (CLC) ৰ কাৰ্যালয়ৰ অধীনত শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে এই 20 টা নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰিছে বুলি এক বিবৃতিত প্ৰকাশ ৷

ফোন নম্বৰ, হোৱাটছ এপ আৰু ই-মেইলৰ জৰিয়তে এই নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব ৷ এই নিয়ন্ত্ৰণ কক্ষসমূহৰ পৰিচালনাৰ দায়িত্বত থাকিব প্ৰতিটো অঞ্চলৰে শ্ৰম প্ৰৱৰ্তন অধিকাৰী, সহকাৰী শ্ৰম আয়ুক্ত, আঞ্চলিক শ্ৰম আয়ুক্ত আৰু উপ-মুখ্য শ্ৰম আয়ুক্তসকল ৷ আনহাতে, মুখ্য কাৰ্যালয়ৰ পৰা মুখ্য শ্ৰম আয়ুক্তই প্ৰতিদিনে নিয়ন্ত্ৰণ কক্ষৰ কামৰ বুজ ল'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.