নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : কৰ'ণা ভাইৰাছ সম্বন্ধীয় চিকিৎসা সামগ্ৰী ক্ৰয়ৰ বাবে Government e-Marketplace (GeM) ৰ জৰিয়তে চৰকাৰে 159 কোটি টকা ব্যয় কৰিছে ৷ এই কথা জানিবলৈ দিয়ে এক চৰকাৰী সূত্ৰই ৷
GeMৰ মুখ্য কাৰ্যবাহী বিষয়া তলিন কুমাৰে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভাৰতক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে GeM য়ে প্ৰায় 146 টা বিভিন্ন চিকিৎসা সামগ্ৰী সংলগ্ন কৰিছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে থাৰ্মেল স্কেনাৰ,বীজাণুনাশক সামগ্ৰী আৰু কিছু সেৱা সামগ্ৰী ৷
তেওঁ কয় যে,"GeM য়ে ইয়াৰ পেজত বিভিন্ন কেটেগৰীত মেডিকেল সেৱাৰ লগতে অন্যান্য সেৱা আগবঢ়াইছে ৷ এই সেৱাসমূহৰ ভিতৰত আছে অস্থায়ী হাস্পতাল, COVID-19ৰ লক্ষণ নেদেখুৱা অথবা কমকৈ লক্ষণ দেখুওৱা ৰোগীৰ বাবে আইচ'লেশ্যন ৱাৰ্ড,আইচিইউ ৱাৰ্ড আদি ৷ 23 মাৰ্চৰ পৰা 23 এপ্ৰিল পৰ্যন্ত 10,000 অৰ্ডাৰৰ বাবে পৰিশোধ কৰা হৈছে 159 কোটি টকা ৷"
আটাইতকৈ বেছি ক্ৰয় হৈছে হেণ্ড ছেনিটাইজাৰ,মাস্ক,আই চি ইউ ভেন্টিলেটৰ আৰু ছাৰ্জিকেল ডিছপ'জেবল ৷
উল্লেখ্য যে, 2016 চনৰ আগষ্ট মাহত বাণিজ্যিক মন্ত্ৰণালয়ে GeM নামৰ অনলাইন প্লেটফৰ্মটো মুকলি কৰিছিল ৷ ইয়াৰ জৰিয়তে চৰকাৰে মুক্ত আৰু স্বচ্ছকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ এই পৰ্টেলৰ জৰিয়তে বৰ্তমান চৰকাৰী বিভাগ,মন্ত্ৰণালয়,পাব্লিক চেক্টৰ ইউনিট,ৰাজ্যিক চৰকাৰ আৰু Central Armed Police Forces য়ে সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷
এই পৰ্টেলৰ জৰিয়তে কাৰ্যালয়ত ব্যৱহৃত সামগ্ৰীৰ পৰা যান-বাহন,অট'মোবাইল,কম্পিউটাৰ আৰু কাৰ্যালয়ৰ আচবাব সামগ্ৰী ক্ৰয় কৰিব পৰা যায় ৷