নিউজ ডেস্ক, 4 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক ভিডিঅ'ৰ জৰিয়তে দেশবাসীক দেওবাৰে নিশা 9 বজাত মম, ছাকি অথবা মবাইলৰ ফ্লাচ জলাই কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল । কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ খনত যাতে সকলোৰে মনোবল বৃদ্ধি কৰিবলৈ, সহযোগীতা আৰু একতাৰ ভাৱ জগাই তুলিবলৈ এই আহ্বান কৰিছিল । ইয়াৰ পিচতেই ছ'চিয়েল মাধ্যম সমূহত ইয়াৰ "বৈজ্ঞানিক লাভালাভ" সম্পৰ্কে বহু ভিডিঅ' ভাইৰেল হৈ পৰে ।
ইয়াৰ পিচতে চৰকাৰে এই সমূহক উৰাবাতৰি আৰু অবৈজ্ঞানিক আখ্যা দি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল ।
পি আই বি ৰ এটা টুইতত প্ৰধামন্ত্ৰীয়ে কৰা এই আহ্বান একতা, মনোবল আৰু সহযোগীতা প্ৰকাশৰ বাবেহে কৰা হৈছে বুলি উল্লেখ কৰি উৰাবাতৰিত ভোল নাযাবলৈ বা তেনে বাতৰি নিবিয়াপলৈ আহ্বান জনাইছে ।