নিউজ ডেস্ক, ১ জুলাইঃ দিল্লী এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ 'গ'ল্ডেন বাবা' খ্যাত সুধিৰ কুমাৰ মক্কৰে। মঙলবাৰে নিশা প্ৰায় ৯.৫৩ বজাত ৫৮ বছৰ বয়সত মৃত্যু হয় 'গ'ল্ডেন বাবা'ৰ। দীৰ্ঘদিন ধৰি 'গ'ল্ডেন বাবা'ই নানা ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।
পেট আৰু বুকৰ বিষত আক্ৰান্ত হৈ থকাৰ বাবে ১৮ মে'ত এইমছত ভৰ্তি কৰোৱা হৈছিল বাবাক। পাছত তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেখেতক আইচিইউ (Intensive Care Unit)ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত মঙলবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে 'গ'ল্ডেন বাবা'ই।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি তেখেতে কেঞ্চাৰ, ডায়েবেটিচ, উচ্চ মানসিক চিন্তা আৰু থাইৰয়েডত আক্ৰান্ত হৈ আছিল। মেডিচিন বিভাগৰ মুখ্য চিকিৎসক ডাঃ নৱনীত ৱিগৰ তত্বাবধানত তেখেতক চিকিৎসা প্ৰদান কৰি থকা হৈছিল।

উল্লেখ্য যে, 'গ'ল্ডেন বাবা' খ্যাত সুধিৰ কুমাৰ মক্কৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ইণ্ডিৰাপুৰম অঞ্চলত বসবাস কৰিছিল। তেখেত প্ৰথমে সুধিৰ কুমাৰ মক্কৰ বুলি জনাজাত আছিল আৰু তেওঁ দিল্লীত কাপোৰৰ ব্যৱসায় কৰিছিল। দিল্লীৰ কেইবাখনো থানাত তেখেতৰ বিৰুদ্ধে আছিল বহু অভিযোগ।
কিন্তু হঠাতে তেখেতে ব্যৱসায়ীৰ পৰা সন্তৰ ৰূপ ধাৰণ কৰি সন্যাস গ্ৰহণ কৰিছিল। কিন্তু সন্যাস গ্ৰহণ কৰিলেও তেখেতে নিজৰ ৰাজকীয় মোহ এৰিব পৰা নাছিল। সুধিৰ কুমাৰ মক্কৰে সোণৰ আ-অলংকাৰ পৰিধান কৰি ভাল পাইছিল। তেখেতে পৰিধান কৰিছিল ২১ কিলোগ্ৰাম সোণৰ আ-অলংকাৰ। যাৰ বাবে তেখেতক 'গ'ল্ডেন বাবা' বুলি জনা যায়। সোণ-ৰূপৰ আ-অলংকাৰৰ উপৰিও 'গ'ল্ডেন বাবা'ৰ বিলাসী বাহনৰ প্ৰতি আকৰ্ষণ আছিল। তেওঁৰ প্ৰায় ৪ খন বিলাসী বাহন আছিল বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : চীনৰ TikTok, BeautyPlus সলনি ব্যৱহাৰ কৰক এইকেইটা বিকল্প এপ্