ETV Bharat / bharat

গুজৰাটত ব্যৱসায়ীক আক্ৰমণ দুৰ্বৃত্তৰ

গুজৰাটত এজন ব্যৱসায়ীক দুটা দুৰ্বৃত্তই আক্ৰমণ কৰি লুটি লৈ যায় 37 লাখ টকাৰ সোণৰ লগতে নগদ 2লাখ ধন ৷ বৰ্তমান ব্যৱসায়ী জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

Gold trader attacked, robbed of valuables worth lakhs in Gujarat
আহমেদাবাদত ব্যৱসায়ীক আক্ৰমণ দুৰ্বৃত্তৰ
author img

By

Published : Oct 22, 2020, 10:23 AM IST

নিউজ ডেস্ক,22অক্টোবৰ: গুজৰাটত ৰাজকোট জিলাৰ জেটপুৰ চহৰত ডকাইতিৰ ঘটনা ৷ জেটপুৰ চহৰৰ এজন ব্যৱসায়ীক দুটা দুৰ্বৃত্তই আক্ৰমণ কৰি লুটি লৈ যায় 37লাখ টকাৰ সোণ ৷ ধনৰ লগতে দুৰ্বৃত্ত দুটাই বহু যাৱতীয় নথি-পত্ৰ ফালি পেলাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

জেটপুৰ থানাৰ উপ-পৰিদৰ্শক পি বি বাগেলাই জনোৱা অনুসৰি,দুৰ্বৃত্ত দুটাই ব্যৱসায়ী জনৰ মুখত জলকীয়া গুৰি সানি লুটি লৈ যায় ধন আৰু সোণ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত ব্যৱসায়ী জনৰ লগত 700 গ্ৰাম সোণ থকাৰ লগতে 35 লাখ টকাৰ সোণ আৰু 2লাখ নগদ ধন আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

অধিকাৰীয়ে জনোৱা অনুসৰি,ধোৰাজী চহৰৰ ব্যৱসায়ীজনে নানা চোক আৰু সোনী বজাৰ সংযোগী এটা সৰু পথেৰে গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো ৷

ব্যৱসায়ীজনে জনোৱা অনুসৰি, ধন লৈ যোৱাৰ সময়ত ব্যৱসায়ীজনে দুৰ্বৃত্ত দুটাক বাধা দিয়াৰ চেষ্টা চলাইছিল যদিও দুৰ্বৃত্ত দুটাই আক্ৰমণ কৰে ব্যৱসায়ী জনক৷ বৰ্তমান ব্যৱসায়ী জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

অন্য এক খবৰৰ বাবে: প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.