ETV Bharat / bharat

নাথুৰাম গডছে বিবাদ : লোকসভাত ক্ষমা ভিক্ষা প্ৰজ্ঞা ঠাকুৰৰ - Pragya Thakur appologises for Godse remark in Lok sabha

সদনৰ মজিয়াত ক্ষমা ভিক্ষা মাগিলে বিজেপিৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে ৷ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক এজন দেশভক্ত বুলি কৈ ক্ষমা খুজিব লগা হয় সাংসদগৰাকীয়ে ৷

লোকসভাত ক্ষমা ভিক্ষা প্ৰজ্ঞা ঠাকুৰৰ
প্ৰজ্ঞা ঠাকুৰ
author img

By

Published : Nov 29, 2019, 2:48 PM IST

নেশ্বনেল ডেস্ক, 29 নৱেম্বৰ : লোকসভাৰ মজিয়াত নাথুৰাম গডছে সম্পৰ্কত কৰা মন্তব্যৰ বাবে ক্ষমা ভিক্ষা মাগিলে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে ৷ গডছেৰ নাম উল্লেখ নকৰাকৈয়ে প্ৰজ্ঞা ঠাকুৰে কয়, "মোৰ মন্তব্যৰ ফলত কোনো লোকে দুখ পাইছে যদি মই দুখ প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে ক্ষমা ভিক্ষা কৰিছো ৷"

উল্লেখ্য যে, প্ৰজ্ঞা ঠাকুৰে লোকসভাৰ মজিয়াত মন্তব্য কৰিছিল যে, মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে এজন দেশভক্ত ৷

শুকুৰবাৰে সদনত ক্ষমা ভিক্ষা কৰিলেও প্ৰজ্ঞাই কয় যে, তেওঁৰ মন্তব্যক বিকৃত কৰাৰ চেষ্টা কৰা হৈছে ৷ লগতে তেওঁ কয় যে, দেশৰ প্ৰতি মহাত্মা গান্ধীৰ অৱদানক তেওঁ সন্মান কৰে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰজ্ঞাক 'সন্ত্ৰাসবাদী' বুলি কোৱা মন্তব্যৰ বিষয়েও তেওঁ কয়, "সদনৰ এজন সদস্যই মোক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে ৷ এয়া মোৰ সন্মানত আঘাত ৷ আদালতে মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷"

আৰু পঢ়ক : ৰাজাপাকসাক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি কোবিন্দে

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.