নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ১৫ এপ্ৰিলৰ পৰা ঘৰুৱা আৰু ১ মে'ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আগবঢ়াৱ GoAir য়ে । সোমবাৰে এই কথা সদৰী কৰিলে GoAir ৰ বিমান সেৱাৰ মুখপাত্ৰই ।
মুখপাত্ৰ গৰাকীৰ ভাষ্য অনুসৰি, GoAir য়ে ঘৰুৱা বিমান সেৱা লাভৰ বাবে ২০২০ চনৰ ১৫ এপ্ৰিলৰ পৰা বুকিং আৰম্ভ কৰিব পাৰিব । আৰু ১ মে' ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে বুকিং আৰম্ভ কৰিব পাৰিব বুলি ঘোষণা কৰে মুখপাত্ৰ গৰাকীয়ে ।
উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিব বাবে ভাৰতত ২৪ মাৰ্চৰ পৰা সকলো ধৰণৰ বিমান সেৱা স্থগিত কৰি ৰাখিছিল । ১৪ এপ্ৰিলৰ পৰা ২১ দিনৰ বাবে চলা দেশজুৰি চলা লক ডাউনৰ বাবেই স্থগিত কৰা হৈছিল বিমান সেৱা ।
বিগত ২ এপ্ৰিলত কেন্দ্ৰীয় নাগৰিক উন্নয়ন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে লক ডাউনৰ পাচত বিমান সেৱাৰ পুনৰ লাভ কৰিব বুলি প্ৰকাশ কৰিছিল ।