ETV Bharat / bharat

বিয়াৰ পূৰ্বে কৰিব লাগিব HIV পৰীক্ষা !

আপুনি বিবাহপ্ৰাৰ্থী নেকি? যদি হয় তেন্তে শীঘ্ৰেই আপুনি যাব লগা হ'ব পাৰে HIV পৰীক্ষণ কেন্দ্ৰলৈ ৷

বিয়াৰ পূৰ্বে কৰিব লাগিব HIV পৰীক্ষা !
author img

By

Published : Jul 9, 2019, 5:36 PM IST

গোৱা, 9 জুলাইঃ হয়, এয়াই সত্য ৷ এতিয়াৰে পৰা বিবাহৰ পঞ্জীয়ণ কৰাৰ পূৰ্বে বাধ্যতামূলকভাবে HIV পৰীক্ষণ কেন্দ্ৰলৈ যাব লাগিব পাৰে আপুনি ৷

গোৱাৰ বিজেপি চৰকাৰে শীঘ্ৰে প্ৰণয়ন কৰিবলৈ গৈ আছে এই আইন ৷ আইন অনুসৰি, বিয়াৰ পূৰ্বে HIV টেষ্ট কৰোৱাটো বাধ্যতামূলক হ’ব ৷ গোৱাৰ স্বাস্থ্য আৰু আইন মন্ত্ৰী বিশ্বজিৎ ৰাণে আগবঢ়াইছে এই পৰামৰ্শ ৷

গোৱাৰ স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰাণে প্ৰকাশ কৰা অনুসৰি, এইক্ষেত্ৰত বৰ্তমান প্ৰাথমিক চিন্তা- চৰ্চা অব্যাহত ৰখা হৈছে । আইনখন প্ৰণয়ন হ’লে বিয়াৰ পূৰ্বে HIV টেষ্ট কৰোৱাটো বাধ্যতামূলক কৰা হ’ব । এই ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে একাংশ চৰকাৰী বিভাগৰ পৰামৰ্শ ৷ বিভাগসমূহে সন্মতি দিলে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত এই আইন প্ৰণয়ন কৰা হ’ব। উল্লেখ্য যে, ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব গোৱা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন।

https://www.indiatoday.in/india/story/goa-hiv-marriage-1565090-2019-07-09

Goa may make HIV tests mandatory before marriage registration

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.