নিউজ ডেস্ক, 18 আগষ্ট : সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাচৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বিশ্বজুৰি বৰ্তমানলৈকে কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা সক্ৰিয় ৰোগীৰ সংখ্যা ২,২০,৩৬,১৪৯গৰাকী। সমগ্ৰ বিশ্ববাসীৰ বাবে অভিশাপস্বৰূপ হৈ পৰা ক'ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰায় ৭,৭৬,৮৫৬ গৰাকী ৰোগীয়ে। অৱশ্য সমগ্ৰ বিশ্বত ১,৪৭,৭৫,২৭৫ গৰাকীৰো অধিক ৰোগী ক'ভিড-১৯ৰে যুঁজি বৰ্তমান সুস্থ হৈ উঠিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাসত ভয়াৱহভাৱে সংক্ৰমণ ঘটা কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই এতিয়ালৈকে ১০ হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ তথ্য পোহৰলৈ আহিছে। কৰ'ণা ভাইৰাচৰ হটস্পটলৈ পৰিণত হোৱা অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত মঙলবাৰে এমাহৰ ভিতৰত সংক্ৰমণৰ হাৰ আটাইতকৈ কম হোৱা বুলি জানিব পৰা গৈছে। ১৮ জুলাইত আক্ৰান্তৰ হাৰ হ্ৰাস হৈ ২১৭ গৰাকী আক্ৰান্ত হোৱাৰ এমাহৰ পিছত আক্ৰান্তৰ হাৰ ২২২ গৰাকীলৈ হ্ৰাস হোৱা বুলি প্ৰকাশ কৰিছে ভিক্টোৰিয়া স্বাস্থ্য বিভাগে। ৰাজ্যখনৰ ৰাজধানী মেলব'ৰ্ণত দ্বিতীয়টো লকডাউন অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। আনহাতে আগষ্ট মাহৰ প্ৰথম সপ্তাহত সান্ধ্য আইন জাৰি কৰা হৈছিল ৰাজধানী চহৰখনত আৰু কৰ'ণা ভাইৰাচৰ সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছিল।
দক্ষিণ কোৰিয়াতো কৰ'ণা ভাইৰাচৰ ভয়াৱহ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনত ২৪৬ জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বজাৰ, গীৰ্জা আদি সামাজিক স্থানসমূহত সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক : এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ