নিউজ ডেস্ক, 1 আগষ্ট: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে 1,77,66,840 তকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰিলে ৷ লগতে সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে 6,83,218 তকৈয়ো অধিক লোকে ৷ অৱশ্যে বৰ্তমানলৈ মুঠ 1,11,66,333 আক্ৰান্তই অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷
স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, নিউজিলেণ্ডত শনিবাৰে আইচ'লেশ্যনত থকা দুগৰাকীকৈ লোকৰ দেহত COVID-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰ লগে লগে দেশখনত 1,562 গৰাকী লোকলৈ বৃদ্ধি পাইছে COVID আক্ৰান্তৰ সংখ্যা ৷
আক্ৰান্ত দুয়োগৰাকী লোক ডুবাই হৈ পাকিস্তানৰ পৰা দেশখনলৈ অহা দুগৰাকী 20 বৰ্ষীয় যুৱতী ৷ তেওঁলোক বিগত 27 জুলাইত আহিছিল দেশখনলৈ ৷ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই কথা ৷
তেওঁলোকক দেশখনত উপস্থিত হোৱাৰ পাচতে আইচ'লেশ্যনত ৰখা হৈছিল ৷ পৰৱৰ্তী সময়ত দুয়োগৰাকী আক্ৰান্ত যুৱতীকে অকলেণ্ড এখন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷
শুকুৰবাৰলৈ দেশখনত থকা আইচ'লেশ্যন আৰু আৰু কোৱাৰেণ্টাইন কেন্দ্ৰত থকা মুঠ 22 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷
লগতে পঢ়ক: চালৰ বিভিন্ন ৰোগো COVID-19 ৰ লক্ষণ হ'ব পাৰে : গৱেষণা