ETV Bharat / bharat

বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

author img

By

Published : Jun 23, 2020, 12:52 PM IST

বিশ্বজুৰি মুঠ ৯১,৮৫,২২৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৪৯,২১,০৬৩ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৪,৭৪,২৩৭ গৰাকী লোক।

Global COVID-19 tracker
Global COVID-19 tracker

ইণ্টাৰনেশ্বনেল ডেস্ক, ২৩ ডেস্কঃ বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা। এই মহামাৰীত আক্ৰান্ত হৈছে বিশ্বৰ প্ৰায় ২১৩ খন ৰাষ্ট্ৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চল। এইপৰ্যন্ত বিশ্বজুৰি মুঠ ৯১,৮৫,২২৯ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ৪৯,২১,০৬৩ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৪,৭৪,২৩৭ গৰাকী লোক।

Global COVID-19 tracker
বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

কোভিড-১৯ ৰ আৰম্ভনি হোৱা চীনত নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে ২২ গৰাকী লোক। দেশখনত ক্ৰমাত্ এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছিল যদিও পুনৰ ২০০ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ।

নতুনকৈ কোভিড-১৯ পজিটিভ লাভ কৰা লোকসকলৰ ভিতৰত ৯ গৰাকী বহিঃৰাষ্ট্ৰৰ পৰা অহা। আন ৭ গৰাকী বিমানযোগে চৌদি আৰবৰ ৰিয়াধৰ পৰা অহা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি দেশখনত নতুনকৈ কোনো লোক মৃত্যুমুখত পৰা নাই।

Global COVID-19 tracker
বিশ্বজুৰি কোভিড-১৯ৰ শেহতীয়া তথ্য

সম্প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰখনত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিত্সাধীন অৱস্থাত আছে ৩৫৯ গৰাকী লোক। ইয়াৰোপৰি ১১৪ গৰাকী ৰোগীৰ দেহত কোভিড-১৯ কোনো লক্ষণ নোহোৱাকৈ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে আইছোলেশ্বনত ৰখা হৈছে।

চীনত এইপৰ্যন্ত মুঠ ৮৩,৪১৮ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে, এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ৪,৬৩৪ গৰাকী ৰোগী। উল্লেখ্য যে, সোমবাৰে বেইজিং চহৰৰ মুখপাত্ৰ জু হেজিয়ানে নিউজ কনফাৰেঞ্চযোগে কোভিড-১৯ সন্দৰ্ভত বেইজিঙৰ স্থিতি বৰ্তমান উন্নত বুলি উল্লেখ কৰিছিল।

লগতে চাওকঃ Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.