নেশ্যনেল ডেস্ক, ৮ জুন: কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে ৭০,৮১,৮১১ জনতকৈ অধিক হোৱাৰ বিপৰীতে এই ভাইৰাছত বিশ্বজুৰি ৪,০৫,০৭৪ জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও বৰ্তমানলৈকে ৩৪,৫৫,১০৪ জনতকৈও অধিক লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে ।
স্বাস্থ্য কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, নিউজিলেণ্ডত শেষৰজন ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত নিউজিলেণ্ডে সম্পূৰ্ণৰূপে কৰ'ণা ভাইৰাছ নিৰ্মূল হোৱা বুলি ঘোষণা কৰে । নিউজিলেণ্ডৰ এই শেষৰটো কৰ'ণা পজিটিভ পোৱাৰ পিছত সোমবাৰে ঘোষণা কৰে যে, ফেব্ৰুৱাৰীৰ অন্তিম সময়ছোৱাৰ পৰা আৰু নতুনকৈ কৰ'ণা পজিটিভ ৰোগী চিনাক্ত হোৱা নাই ।

আগন্তুক সময়ত নতুনকৈ কৰ'ণা পজিটিভ নহ'বৰ বাবে দেশখনৰ সীমা ছীল কৰি দিয়া বুলি জানিব পৰা গৈছে । দেশখনত কাৰ্যকৰী কৰা বিভিন্ন কাৰকে কৰ'ণা ভাইৰাছ নিৰ্মূলত যথেষ্ট পৰিমাণে সহায় কৰিছে । নিউজিলেণ্ডৰ ৫ মিলিয়ন আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে । দেশখনৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা অৰ্ডৰ্ণে সদৰি কৰে এই কথা ।