ইণ্টাৰনেশ্বনেল ডেস্ক, ১৪ জুনঃ বিশ্বজুৰি কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই ৭.৫ মিলিয়ন অতিক্ৰম কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি শনিবাৰৰ দিনটোত বিশ্বজুৰি নতুনকৈ ১,৪২,৬৭২ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি। লগতে, এই মহামাৰীত ২৪ ঘণ্টাত মৃত্যুমুখত পৰিছে ৫,০৫৫ গৰাকী ৰোগী।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ মুঠ ২১৩ খন দেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইপৰ্যন্ত বিশ্বজুৰি ৭৫ লাখৰ অধিক লোকৰ দেহলৈ সংক্ৰমিত হৈছে এই ভাইৰাচৰ বিজাণু। ইয়াৰ ভিতৰত কেৱল আমেৰিকাতেই আক্ৰান্ত হৈছে ২১,৪২,০০০ গৰাকীৰ অধিক লোক। আমেৰিকাৰ পাছতে ব্ৰাজিলত প্ৰায় ৮,৫০,৭০০ গৰাকী আৰু ৰাচিয়াত প্ৰায় ৫,২৮,৯০০ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।