নিউজ ডেস্ক,28 মাৰ্চ : চীনত প্ৰায় তিনিমাহ পূৰ্বে চীনত ধৰা পৰা এটা ভাইৰাছে বৰ্তমান বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে ৷ কৰ'ণা ভাইৰাছ অথবা ক'ভিড-19ৰ দ্বাৰা আক্ৰান্ত হৈছে বিশ্বৰ বহু লক্ষ লোক ৷ চীনত প্ৰথমে এই ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ পাচত বৰ্তমান আমেৰিকা, ইটালী, স্পেইন, ফ্ৰান্স, জাৰ্মানী ইয়াৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত লাখৰ সীমা পাৰ কৰিছে আক্ৰান্তৰ সংখ্যাই ৷ আক্ৰান্তৰ পৰিসংখ্যাৰ ফালৰ পৰা বৰ্তমান তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷
আনহাতে, মৃত্যুৰ সংখ্যাৰ ফালৰ পৰা যদি চোৱা যায়, ইটালীত মৃত্যুৰ পৰিসংখ্যা সৰ্বাধিক হোৱা দেখা গৈছে ৷ স্পেইনতো প্ৰতিদিনে বাঢ়িবলৈ ধৰিছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷ ফ্ৰান্স,স্পেইন,ইৰাণ,জাৰ্মানী আদিতো বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা ৷ আনহাতে, ভাৰততো প্ৰতিদিনে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ বৰ্তমানলৈকে 887 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 20 গৰাকী লোকে ৷ কৰ'ণা প্ৰতিৰোধৰ বাবে ইতিমধ্যে দেশ সমূহে বিভিন্ন পদক্ষেপ লৈছে যদিও প্ৰতিষেধক আবিস্কাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানলৈকে কৰ'ণাৰ ধ্বংসলীলা ৰোধ কৰিব পৰা নাই ৷
লগতে পঢ়ক : কৰ'ণাৰে যুঁজিবলৈ ৰাজ্যিক কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ