ETV Bharat / bharat

ঋতুস্ৰাৱ পৰীক্ষাৰ বাবে 60 গৰাকী ছাত্ৰীক অন্তৰ্বাস খুলিবলৈ বাধ্য কৰালে অধ্যক্ষই

author img

By

Published : Feb 17, 2020, 11:53 PM IST

Updated : Feb 18, 2020, 7:52 AM IST

গুজৰাটৰ এখন কলেজত অন্তৰ্বাস খুলিবলৈ বাধ্য ছাত্ৰীক বাধ্য ৷ ঋতুস্ৰাৱ পৰীক্ষা কৰিবৰ বাবে জোৰ-জুলুম ৷

গুজৰাটৰ এখন কলেজৰ কাণ্ড
ৰাষ্ট্ৰীয় মহিলা আয়োগ

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : গুজৰাটৰ কচ জিলাৰ ভোজ চহৰৰ এখন কলেজত সংঘটিত হ'ল এক আশ্বৰ্যজনক কাণ্ড ৷ কলেজখনৰ প্ৰায় 60 গৰাকী ছাত্ৰীৰ ঋতুস্ৰাৱ হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা কাৰ্যত হতচকিত হৈ পৰিছে সকলো ৷ এই কাণ্ড সংঘটিত কৰাৰ অপৰাধত কলেজখনৰ অধ্যক্ষ,হোষ্টেল পৰিচালক আৰু পিয়নক নিলম্বিত কৰা হৈছে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত অধ্যক্ষ ৰিতা ৰনিংগা,ছোৱালী হোষ্টেলখনৰ পৰিচালক ৰমিলাবেন আৰু কলেজ পিয়ন নেইনাক শনিবাৰে নিলম্বিত কৰা হয় ৷ সোমবাৰে শ্ৰী শহজানন্দ ছোৱালী ইনষ্টিটিউটৰ (SSGI) ন্যাসৰক্ষক প্ৰবীণ পিন্দোৰিয়াই এই তিনিগৰাকী মহিলাক নিলম্বন কৰাৰ কথা প্ৰকাশ কৰে ৷ এই তিনিগৰাকী লোকৰ উপৰিও ঘটনাৰ সৈতে অনিতা নামৰ এগৰাকী মহিলাও জড়িত আছে বুলি গোচৰত প্ৰকাশ ৷ ভাৰতীয় দণ্ডাবিধি আইনৰ দফা 384 (জোৰ-জুলুম), 355 (এজন লোকক অপমান কৰাৰ লক্ষ্যৰে অত্যাচাৰ) আৰু 506 (অপৰাধীৰ দৰে ভীতিগ্ৰস্ত কৰা)ত গোচৰ ৰুজু হৈছে ৷

উল্লেখ্য যে, SSGI হৈছে স্ব-পুঁজিৰে পৰিচালিত এখন কলেজ আৰু কলেজখনৰ নিজাববীয়া হোষ্টেল আছে ৷ স্বামীনাৰায়ণ মন্দিৰৰ ন্যাসৰ দ্বাৰা কলেজখন পৰিচালিত হয় ৷ ক্ৰান্তিগুৰু শ্যামজী কৃষ্ণ বৰ্মা কচ বিশ্ববিদ্যালয়ৰ অধীনত কলেজখন পৰিচালিত হয় ৷ সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাচত দেওবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ 7 জনীয়া সদস্যৰ এটা দলে হোষ্টেলখনত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷

স্নাতক মহলাৰ ডিগ্ৰী প্ৰদান কৰা এই কলেজখনৰ এগৰাকী ছাত্ৰীয়ে ইয়াৰ পূৰ্বে সংবাদ মাধ্যমক জানিবলৈ দিছিল যে,সমগ্ৰ ঘটনা 11 ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হৈছিল ৷ হোষ্টেলৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে সকলো ছাত্ৰীক স্নানাগাৰলৈ নি ঋতুস্ৰাৱ হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে অন্তৰ্বাস খুলিবলৈ নিৰ্দেশ দিছিল ৷ ক্ৰান্তিগুৰু শ্যামজী কৃষ্ণ বৰ্মা কচ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত থকা দৰ্শনা ঢোলাকিয়াই জানিবলৈ দিয়া অনুসৰি,ঋতুস্ৰাৱ হোৱা ছাত্ৰীসকলে অন্য ছাত্ৰীসকলৰ সৈতে খাদ্য গ্ৰহণ কৰিব নোৱাৰে বুলি হোষ্টেলত এক নিয়ম চলি আহিছে ৷ কিন্তু, কিছু ছোৱালীয়ে এই নিয়ম ভংগ কৰা বুলি তথ্য লাভ কৰা বাবে হোষ্টেল কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই সম্পৰ্কত তদন্ত কৰিবৰ বাবে বিশেষ অনুসন্ধানকাৰী দল(SIT) আৰু মহিলা আৰক্ষী বিষয়াক দায়িত্ব প্ৰদান কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : সেনাত মহিলাৰ স্থায়ী আয়োগ : কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Last Updated : Feb 18, 2020, 7:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.