ETV Bharat / bharat

হাৰিয়ানাৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰীৰ লগত লাভ কৰিব পাছপোৰ্ট - হাৰিয়ানা

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে শনিবাৰৰ পৰা আৰম্ভ কৰে 'Har Sar Helmet' নামৰ এক অভিযান । এই অভিযানৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীসকলক হেলমেট আৰু লাৰ্নিং ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰাৰ লগতে স্নাতকোত্তৰ ছাত্ৰীসকলক নিজৰ নিজৰ মহাবিদ্যালয়সমূহতে পাছপোৰ্ট প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে ।

হাৰিয়ানা
হাৰিয়ানাৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰীৰ লগত লাভ কৰিব পাছপোৰ্ট
author img

By

Published : Jul 12, 2020, 7:38 PM IST

নিউজ ডেস্ক, ১২ জুলাইঃ কৰ'ণা সংকটৰ মাজতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা । শনিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ঘোষণা কৰে যে, স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰীসকলক প্ৰদান কৰা হ'ব পাছপোৰ্ট । নিজৰ নিজৰ মহাবিদ্যালয়সমূহতে পাছপোৰ্ট বনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী খট্টৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতে নিজৰ নিজৰ মহাবিদ্যালয়সমূহৰ পৰা গ্ৰহণ কৰিব পাৰিব পাছপোৰ্ট । শনিবাৰে শিক্ষাৰ্থীসকলক ড্ৰাইভিং লাইচেঞ্চ আৰু বিনামূলীয়া হেলমেট প্ৰদান কৰা এক অনুষ্ঠানতে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানত ১০০ গৰাকী শিক্ষাৰ্থীক লাৰ্নিং ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰে মনোহৰ লাল খট্টৰে । শিক্ষাৰ্থীসকলক ট্ৰেফিক নিয়ম সন্দৰ্ভত জ্ঞান আহৰণ কৰিবলৈয়ে ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰে । লগতে শিক্ষাৰ্থীক হেলমেট প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সমগ্ৰ দেশজুৰি দৈনিক প্ৰায় ১,৩০০ টা দূৰ্ঘটনা সংঘটিত হয় । যাৰ পৰিপ্ৰেক্ষিতত হেলমেট পৰিধান নকৰা অধিকাংশ লোকৰ মৃত্যুও হয় । উল্লেখ্য যে, হাৰিয়ানাত দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰতিদিনে প্ৰায় ১৩ গৰাকী লোকৰ মৃত্যু হয় ।

লগতে পঢ়ক : গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.