ETV Bharat / bharat

মহাকাশ অনুসন্ধান গৱেষনাৰ বাবে তিৰুবনন্তপুৰমত উপস্থিত এটি বিশাল যন্ত্ৰ

author img

By

Published : Jul 19, 2020, 7:39 PM IST

মহাকাশ অনুসন্ধান গৱেষণাৰ বাবে কেৰালাৰ তিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত দেওবাৰে উপস্থিত হয় এটা শক্তিশালী তথা অত্যাধিক ডাঙৰ যন্ত্ৰ । নাছিকত প্ৰস্তুত কৰা এই যন্ত্ৰটো বিগত ৮ জুলাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ অভিমূখে যাত্ৰা কৰে । লগতে এই যন্ত্ৰটো শীঘ্ৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰকল্পত ব্যৱহৃত হ'ব বুলিও জানিবলৈ দিয়ে ।

 বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ
বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ

নিউজ ডেস্ক, ১৯ জুলাইঃ তিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত দেওবাৰে উপস্থিত হয় মহাকাশৰ অনুসন্ধান গৱেষনা প্ৰকল্পৰ ব্যৱহৃত এটা শক্তিশালী, জটিল যন্ত্ৰ তথা কাৰ্গো । বিগত বছৰতে মহাৰাষ্ট্ৰৰ পৰা তিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ অভিমূখে যাত্ৰা কৰা যন্ত্ৰটো দেওবাৰ অৰ্থাৎ ১৯ জুলাইত উপস্থিত হয় বুলি জানিবলৈ দিয়ে কাৰ্গোৰ লগত যাত্ৰা কৰা কৰ্মচাৰীয়ে ।

কাৰ্গোৰ সৈতে যাত্ৰা কৰা এগৰাকী কৰ্মচাৰীয়ে দেওবাৰে এনআইৰ আগত সদৰি কৰা অনুসৰি, বিগত বৰ্ষৰ ৮ জুলাইত তিৰুবনন্তপুৰমৰ দিশে যাত্ৰা কৰিছিল কাৰ্গো সহিতে কেইবাগৰাকীমান কৰ্মচাৰীয়ে । বিগত ১ বছৰে চাৰিখন ৰাজ্যৰ মাজেৰে যাত্ৰা কৰাৰ পাচত দেওবাৰে বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত কাৰ্গো উপস্থিত হোৱাৰ আশা থকা বুলি মত প্ৰকাশ কৰে কৰ্মচাৰী গৰাকীয়ে ।

এদিনত ৫ কিলোমিটাৰেকৈ চাৰিখন ৰাজ্য অতিক্ৰম কৰি কাৰ্গোখনে তিৰুবনন্তপুৰমত প্ৰৱেশ কৰে । মুঠ ৩২ গৰাকী ষ্টাফৰ সৈতে শক্তিশালী প্ৰায় ৭০ টন ওজনৰ এই যন্ত্ৰৰ উচ্চতা ক্ৰমে ৭.৫ মিটাৰ আৰু ৬.৬৫ মিটাৰ বুলি জানিবলৈ দিয়ে । তাৰোপৰি এই যন্ত্ৰটো নাছিকত নিৰ্মাণ কৰা হৈছে যাৰ দ্বাৰা শীঘ্ৰে ভাৰতীয় মহাকাশ অনুসন্ধান প্ৰকল্পৰ বাবে আৰম্ভ কৰিব বুলি সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.