ETV Bharat / bharat

ছৌদিৰ শীৰ্ষ সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত জেন. নাৰাভানে - ছৌদি আৰৱ সেনা

প্ৰথমবাৰৰ বাবে কোনো এগৰাকী ভাৰতীয় জেনেৰেলৰ ঐতিহাসিক ছৌদি আৰৱ ভ্ৰমণ । ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সামৰিক আৰু কূটনৈতিক সম্পৰ্ক জোৰদাৰ কৰি তুলিব বুলি আশা কৰিব পাৰি ।

জেনেৰেল মনোজ মুকুন্দ নাৰাভানে
নাৰাভানেৰ ছৌদি আৰৱ ভ্ৰমণ
author img

By

Published : Dec 14, 2020, 12:42 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : দুই তৰপীয়া বিদেশ যাত্ৰাৰ অন্তিম স্তৰত ভাৰতীয় স্থল সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে ছৌদি আৰৱত উপস্থিত হয় । ইয়াৰ পূৰ্বে তেওঁ সংযুক্ত আৰৱ ৰাষ্ট্ৰত উপস্থিত হৈছিল আৰু জেনেৰেল নাৰাভানে হৈছে দেশৰ একমাত্ৰ আৰু প্ৰথম শীৰ্ষ সামৰিক বিষয়া যিয়ে কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ দুয়োখন দেশ ভ্ৰমণ কৰে ।

দেওবাৰে স্থলসেনা প্ৰধান জেনেৰেল নাৰাভানে ছৌদি আৰৱৰ শীৰ্ষ সেনা বিষয়াসকলক সাক্ষাৎ কৰে । এই সাক্ষাৎকালত তেওঁ দুয়োখন দেশৰ উমৈহতীয়া আৰু দ্বিপাক্ষিক সামৰিক সম্পৰ্কত আলোচনাত মিলিত হয় ।

স্থলসেনাৰ এডিজি পিআই টুইটাৰত এই বিষয়ে এক টুইট কৰে । টুইটটোত ৰয়েল ছৌদি লেণ্ড ফ'ৰ্চেছৰ কামাণ্ডাৰ জেনেৰেল ফাহাদ বিন আব্দুল্লা মহম্মদ অল-মুটিৰ তথা চীফ অৱ জেনেৰেল ষ্টাফ জেনেৰেল ফায়াধ বিন হামিদ অল-ৰুৱাইলি আৰু যুটীয়া বাহিনীৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল মুটলাক বিন চালিম বিন অল-আজিমাৰ সৈতে আলোচনাত মিলিত হোৱাৰ তথ্য প্ৰকাশ কৰে ।

ছৌদি আৰৱৰ পূৰ্বে তেওঁ সংযুক্ত আৰৱ ৰাষ্ট্ৰত উপস্থিত হৈছিল আৰু দেশখনৰ স্থলসেনাৰ কামাণ্ডাৰ মেজৰ জেনেৰেল চালেহ মহম্মদ চালেহ অল আমেৰিৰ সৈতেও আলোচনাত মিলিত হৈছিল ।

স্থলসেনা প্ৰধানৰ এই ভ্ৰমণে গাল্ফ ৰাষ্ট্ৰ দুখনৰ সৈতে ভাৰতৰ সামৰিক আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ সমান্তৰালকৈ নিৰাপত্তাৰ দিশটোত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে । ভাৰতৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখা ইজৰাইলৰ লগত গাল্ফ ৰাষ্ট্ৰৰ সম্পৰ্কৰ নতুন দিশ স্থাপন তথা ইৰানৰ শীৰ্ষ পাৰমাণৱিক বৈজ্ঞানিক মহছিন ফাখৰিজাদেহৰ ৰাজনৈতিক হত্যাৰ সময়ত জেনেৰেল মনোজ মুকুন্দ নাৰাভানেৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.