ETV Bharat / bharat

ক'ভিড প্ৰট'কলৰ মাজেৰেই অনুষ্ঠিত শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা - পীতাধিপতি শ্ৰী গাভিচিদ্দেশ্বৰ স্বামী

প্ৰতিবছৰে 10 হাজাৰ লোকে অংশ গ্ৰহণ কৰি অহা কৰ্ণাটকৰ শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল ৷ সকলো ক'ভিড প্ৰট'কল মানি মহামাৰীৰ পাচত ৰাজ্যখনত অনুষ্ঠিত হ'ল এই বিশাল যাত্ৰা ৷

ক'ভিড প্ৰট'কল অনুষ্ঠিত হ'ল বিশাল শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা

author img

By

Published : Jan 31, 2021, 7:05 AM IST

নিউজ ডেস্ক, 31 জানুৱাৰী : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰ্ণাটকত উদযাপন কৰা হ'ল শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা ৷ সকলো ক'ভিড প্ৰট'কল মানি মহামাৰীৰ পাচত ৰাজ্যখনত অনুষ্ঠিত হ'ল এই বিশাল যাত্ৰা ৷ গাভি মুটত অনুষ্ঠিত এই যাত্ৰাত প্ৰতিবছৰে 10 হাজাৰ লোকে অংশ গ্ৰহণ কৰি আহিছে যদিও এইবেলি মহামাৰীৰ বাবে ভক্তৰ উপস্থিতি কিছু সেৰেঙা হোৱা দেখা গৈছে ৷ প্ৰতিবছৰে উদযাপন কৰা এই যাত্ৰাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুুবুৰীয়া ৰাজ্যসমূহৰ পৰাও ভক্ত আহিছিল ৷

ক'ভিড প্ৰট'কল অনুষ্ঠিত হ'ল বিশাল শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা
ক'ভিড প্ৰট'কল অনুষ্ঠিত হ'ল বিশাল শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা

উল্লেখ্য যে, ঐতিহাসিক 1000 বছৰীয়া এই যাত্ৰা পীতাধিপতি শ্ৰী গাভিচিদ্দেশ্বৰ স্বামীৰ শাসনকালৰ পৰাই অনুষ্ঠিত কৰি অহা হৈছে ৷ ভক্তি, সাহিত্য, সংস্কৃতি আৰু পৰম্পৰাৰ লোক বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে এই যাত্ৰাৰ আয়োজন কৰা হৈছিল যদিও কালক্ৰমত ই এক উৎসৱলৈ পৰিণত হয় ৷ সাংস্কৃতিক আৰু আধ্যাত্মিকতাৰ সমাহাৰ ঘটা এই যাত্ৰাত মন্ত্ৰী বি.চি পাটিল, বিধায়কৰ অমাৰে গৌড়া পাটিল বায়াপুৰা, কে ৰাঘবেন্দ্ৰ হিতনালৰ লগতে আন বহু জ্যেষ্ঠ লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: গান্ধী স্মৃতিৰ প্ৰাৰ্থনা সভাত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.