ETV Bharat / bharat

গৌতম গম্ভীৰ সন্ধানহীন!

author img

By

Published : Nov 17, 2019, 10:49 AM IST

Updated : Nov 17, 2019, 11:30 AM IST

নতুন দিল্লীৰ আই টি অ এলেকাত দেখা গ'ল বিজেপি সাংসদ গৌতম গম্ভীৰ সন্ধানহীন হোৱা পোষ্টাৰ ৷ পোষ্টাৰ জাৰি কৰি সাংসদগৰাকীৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ ৷

গৌতম গম্ভীৰ সন্ধানহীন!

নতুন দিল্লী,17 নৱেম্বৰঃ পূব দিল্লী লোকসভা সমষ্টিৰ বিজেপি সাংসদ গৌতম গম্ভীৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে আম আদমী পাৰ্টি ৷ দেওবাৰে নতুন আই টি অ এলেকাত প্ৰত্যক্ষ কৰা হয় বিজেপি সাংসদ গৌতম গম্ভীৰ সন্ধানহীন হোৱাৰ পোষ্টাৰ ৷ দিল্লীৰ ইণ্ডোৰত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ প্ৰথমখন টেষ্টত ধাৰাভাষ্যকাৰৰ ভূমিকা পালনৰ অজুহাতত 15 নৱেম্বৰত দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত অনুষ্ঠিত নগৰ উন্নয়নৰ সংসদীয় সমিতিৰ বৈঠকত অনুপস্থিত আছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ৷ উক্ত গুৰুত্বপূৰ্ণ বৈঠকত সাংসদগৰাকীৰ অনুপস্থিতিক কেন্দ্ৰ কৰি সম্প্ৰতি সাংসদগৰাকীক দেশৰ বিৰোধী দলসমূহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ বিশেষকৈ দিল্লীৰ শাসনাধিষ্ঠ আম আদমী পাৰ্টিয়ে পোষ্টাৰ জাৰি কৰি প্ৰাক্তন খেলুৱৈগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এক ব্যতিক্ৰমী প্ৰতিবাদ ৷

দলটোৱে দিল্লীৰ ভিন্ন প্ৰান্তত সাংসদগৰাকীৰ আলোকচিত্ৰ সম্বলিত পোষ্টাৰ লগাই এনেদৰে লিখিছে- "ক্যায়া আপনে ইনহে দেখা্ হে ? আখৰী বাৰ ইণ্ডোৰ মে জেলেব্বী খাতে হোৱে দেখা্ থা ৷
পূৰী দিল্লী ইনহে ধুণ্ড ৰহী হ্যে?"

আৰু পঢ়ক ৰিলায়েন্স কমিউনিকেচনৰ সঞ্চালক পদৰ পৰা অনিল আম্বানীৰ পদত্যাগ

Intro:Body:Conclusion:
Last Updated : Nov 17, 2019, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.